স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সময়ত চকুৰ যতন লোৱা পদ্ধতিসমূহ

1 min read

বৰ্তমান, স্মাৰ্টফোন মানুহৰ জীৱনৰ এক প্ৰয়োজনীয়তা হৈ পৰিছে। কিন্তু দীঘলীয়া সময়ৰ বাবে স্মাৰ্টফোনৰ সৰু স্ক্ৰীণলৈ চাই থকাটো চকুৰ ক্লান্তি আৰু চকুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাটো এটা সাধাৰণ সমস্যা। সেয়েহে, মানুহে কিছুমান বিশেষ পদ্ধতি অৱলম্বন কৰি স্মাৰ্টফোনৰ বিৰূপ প্ৰভাৱৰ পৰা চকুজুৰিক সুৰক্ষিত কৰি ৰাখিব পাৰে।

• স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সময়ত চকুৰ যতন লোৱা পদ্ধতিসমূহঃ

~ সঘনাই চকু পতাৰ ব্যৱহাৰ কৰা

যেতিয়া মানুহে স্মাৰ্টফোন ব্যৱহাৰ কৰে, তেতিয়া মনোযোগ দিব লাগে যে ম’বাইলটো চাই থাকোতে যাতে একেৰাহে চকু মেলি নাৰাখে। ইয়াৰ বাবে বাৰে বাৰে চকুৰ পতা সক্রিয় কৰি ৰাখি চকুজুৰিক প্ৰাকৃতিকভাৱে তিয়াই ৰাখিব লাগে। সেয়েহে ফোনটো ব্যৱহাৰ কৰোঁতে সঘনাই চকুৰ পতা ব্যৱহাৰ কৰিব।

~ এণ্টি-গ্লেয়াৰ স্ক্ৰীণৰ ব্যৱহাৰ

যদিও বেছিভাগ স্মাৰ্টফোন ডিফল্টভাৱে এণ্টি-গ্লেয়াৰ স্ক্ৰীণৰ সৈতে আহে, কিন্তু যদি কাৰোবাৰ ফোনটো এনেকুৱা নহয়, ইয়াত এণ্টি-গ্লেয়াৰ স্ক্ৰীণ সংলগ্ন কৰক। যাৰ ফলত চকুলৈ ক্ষতিকাৰক পোহৰ যোৱাৰ পৰিমাণ হ্ৰাস হ’ব।

~ মোবাইলৰ স্ক্ৰীণ পৰিষ্কাৰ কৰি ৰাখিব

স্মাৰ্টফোনটো একেৰাহে ব্যৱহাৰ কৰি থাকিলে ইয়াৰ স্ক্ৰীণখন লেতেৰা হৈ পৰে আৰু যাৰ ফলত চকুত বেয়া প্ৰভাৱ পৰে। যদি সকলোৱে নিজৰ স্মাৰ্টফোনটোৰ স্ক্ৰীণখন পৰিষ্কাৰ কৰি ৰাখে, তেন্তে তেওঁৰ চকুৰ ক্ষতি হোৱাৰ আশংকা বহুগুণে হ্ৰাস পাব।

~ ম’বাইলৰ পৰা সঠিক দূৰত্ব বৰ্তাই ৰাখক

মানুহে নিজৰ চকুজুৰিক স্বাস্থ্যৱান কৰি ৰাখিবলৈ, স্মাৰ্টফোনৰ পৰা সঠিক দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ। স্মাৰ্টফোনটো চকুৰ পৰা কমেও এক ফুট দূৰত ৰাখিবলৈ চেষ্টা কৰক।

~ নিশা নাইট মোড ব্যৱহাৰ কৰক

মোবাইলৰ স্ক্ৰীণৰ পৰা ওলোৱা নীলা পোহৰে মানুহৰ চকুজুৰিকে নহয়, বৰঞ সামগ্ৰিক স্বাস্থ্যকো প্ৰভাৱিত কৰে। ই মানুহৰ চকুৰ ক্ষতি হ্ৰাস কৰে, সেয়েহে যদি নিশা ফোনটো ব্যৱহাৰ কৰাৰ সময়ত মোবাইলটো নাইট মোড কৰি ব্যৱহাৰ কৰক।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

You May Also Like

More From Author