ঘৰুৱা উপায়েৰে দূৰ কৰক মুখৰ দাগ

1 min read
  • ধুনীয়া মুখ এখন মানে-দুগুণ আত্মবিশ্বাস।যদি মুখত দাগ থাকে-তেন্তে নিশ্চয় আঁতৰাবলৈ চেষ্টা কৰে।

এনে ক্ষেত্ৰত বজাৰৰ পৰা ৰাসায়নিক ভিত্তিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে-কোনো লাভ নাই।বৰঞ্চ ছালৰ অধিক ক্ষতি হব।ধুনীয়া আৰু নিখুঁট ছাল থাকিব বিচাৰিলে-নিজৰ বাবে-কিছু সময় উলিয়াব লাগে।

  • আজিৰ ব্যস্ততাৰ সময়ত বহুতে মেকআপৰ বাবে-বেছি সময় নাপায়।কম কষ্টৰে ছালখন দোষমুক্ত কৰিব বিচাৰিলৈ-কিছুমান নিয়ম মানি চলিব লাগে। আপোনাৰ বাবে-এটা সহজ উপায় হব পাৰে-চি.টি.এম, ৰুটিন। এই চি.টি.এম,ৰুটিন হৈছে-
  • চি.টি.এম,ৰুটিন কি!

ই এক সহজ কথা।নামটো কঠোৰ যেন লাগিব পাৰ।কিন্তু নহয়।কাৰণ এই-CTM,ৰুটিনৰ অৰ্থ হৈছে-

Cleansing-Toning- Moisturizing.অৰ্থাৎ-যদি আপুনি দাগমুক্ত ছাল এখন পাব বিচাৰে-তেনেতে প্ৰথম অৱস্থাত এই তিনিটা পদ্ধতি মানি চলিব লাগে।ইয়াৰ ফলত আপুনি ব্ৰেমিছ ফ্ৰী আৰু গ্লোয়িং ছাল পাব।

  • দিনটোত কিমানবাৰ ছালৰ যত্ন লব লাগে!

দিনটোত অন্তত দুবাৰকৈ এই চি.টি.এম,ছালৰ যত্নৰ নিয়ম মানি চলক।এই ৰুটিনে ছালখন সুস্থ কৰি ৰাখে।ৰাতিপুৱা উঠিয়েই-এই নিয়ম নিয়ম মানি চলক।আৰু ৰাতি শুৱলৈ যাওঁতে-এনেদৰে ছালৰ যত্ন লোৱা উচিত।এনেদৰে নিয়মীয়াকৈ যত্ন ললে-আপোনাৰ ছালখন অতি সোনকালেই দাগ মুক্ত হব।

  • পৰিষ্কাৰ কৰা-

ৰাতিপুৱা সাৰ পোৱাৰ পাছত-মুখৰপৰা অতিৰিক্ত তেল আঁতৰাই দিব লাগে।নহলে-গোটেই দিনটো মুখ’খন আঠাযুক্ত হৈ থাকিব।এই তেলেতীয়া আপোনাৰ ছালৰ বাবে ক্ষতিকাৰক।ফলত-ব্ৰণকে ধৰি বিভিন্ন সমস্যা মুখত দেখা দিব পাৰে।ফেচ ক্লিনজাৰ ব্যৱহাৰ কৰক।ক্লিনজাৰ ব্যৱহাৰ কৰাৰ পাছত ঠাণ্ডা পানীৰে মুখ’খন ধুব লাগে।যদি আপোনাৰ ছাল-তেলেতীয়া হয়-তেন্তে,জেল ভিত্তিক ক্লিনজাৰ ব্যৱহাৰ কৰক।ই ছালখন সতেজ কৰি ৰাখিব-লগতে পৰিষ্কাৰ ছালৰ ভিতৰলৈ-অক্সিজেন সহজে গৈ পাব।

  • টোনাৰ কেনেকৈ ব্যৱহাৰ কৰিব!

পৰিষ্কাৰ কৰাৰ পৰৱৰ্তী পদক্ষেপটো হল-টোনাৰ ব্যৱহাৰ কৰা।পৰিষ্কাৰ মুখত সদায় টোনিৰ ব্যৱহাৰ কৰিব লাগে।ই ছালখন ভাল কৰি তুলিব।ছালৰ আদ্ৰতা বজাই ৰাখিবলৈ টোনাৰৰ প্ৰয়োজন হয়।ই ছালক এক প্ৰকাৰৰ সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে।ইছালৰ পি-এইচ ভাৰসাম্য ৰক্ষা কৰে।টোনাৰে ছালৰ বহু সমস্যা সমাধান কৰে।টোনাৰ ব্যৱহাৰ কৰিবলৈ-কপাহী পেড লব লাগে।তাৰ পাছত-তাত টোনাৰ লগাই ছালত ব্যৱহাৰ কৰক।কিন্তু ছালত ঘঁহিব নালাগে।টোনাৰ হিচাপে-গোলাপ জল ব্যৱহাৰ কৰিব পাৰে।

  • মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক-

সকলো ধৰণৰ ছালৰ বাবে-মইশ্ব’ৰাইজাৰ অতি প্ৰয়োজনীয়।বহুতে ভাবে যে-ছালখন তেলীয়া হলে-মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন ষাই।কিন্তু এইটো শুদ্ধ নহয়।প্ৰতিদিনে পুৱা ছিৰাম লগোৱাৰ পাছত মইশ্ব’ৰাইজাৰ লগাব লাগে।আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি মইশ্ব’ৰাইজাৰ নিৰ্বাচন কৰক।

You May Also Like

More From Author