খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পা সেই কথা নতুনকৈ কাকো কোৱাৰ প্রয়োজন নাই।
পুৱা শুই উঠাৰে পৰা নিশা শোৱাৰ আগলৈকে যিবোৰ খাদ্য গ্ৰহণ কৰা হয় সেইবোৰেই শৰীৰৰ ইন্ধন। খাদ্যৰ পৰা আহৰণ কৰা কেলৰি শৰীৰত জমা হয়।
দৈনন্দিন যিকোনো কার্য সম্পাদনে ব্যয় হয় কেলৰি বা শক্তি। কিন্তু কেলৰি দৈনিক আহৰণ কৰা অনুপাতে যদি ব্যয় নহয় তেতিয়াই সমান্তৰালভাৱে আৰম্ভ হ’বলৈ ধৰেবিভিন্ন সমস্যাৰ।
মেদবহুলতাৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ সমস্যালৈকে সকলোবোৰেই গা কৰি উঠে। সেইবাবে আমি পুৱাই গ্ৰহণৰ আগতে কিছুমান কাম কৰিব লাগে। এনেধৰণৰ কার্য সম্পাদন কৰিলে পুৱাই গ্রহণ কৰা খাদ্যৰ পৰা লাভ কৰা শক্তি আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তিৰ মাজত বিশেষ পার্থক্য থাকিব নোৱাৰে।
যদিহে দুয়োটাৰ মাজত পার্থক্য পৰিলক্ষিত হয় তেতিয়াহ’লে বহুতো সমস্যাৰ সৃষ্টি হোৱাটো নিশ্চিত। বন্ধৰ দিনটোত সচৰাচৰ আমি বেছিকৈ খাওঁ, কিন্তু সেই অনুপাতে কাম কম কৰো।
এয়া এজন বা দুজনৰ সমস্যা বুলি ক’ব নোৱাৰি। বহুতেই বন্ধৰ দিনত কেৱল খাই-বৈ, শুই-বহিয়েই সময় কটায়। যদিহে বন্ধ দীর্ঘদিনীয়া হয় তেতিয়াহ’লে সময়ত সমস্যাই জটিল ৰূপ ধাৰণ কৰা দেখা যায়।
বেছি খালেও বিশেষ ক্ষতি নহয়। যদিহে সেই অনুপাতে কাম কৰা হয়। শেহতীয়াভাৱে অষ্ট্ৰেলিয়াত চলোৱা এক সমীক্ষাত ধৰা পৰা মতে যিসকলে তিনি দিন কাম-বন নকৰাকৈ কেৱল উচ্চ কেলৰিসম্পন্ন চর্বিযুক্ত খাদ্য গ্রহণ কৰি থাকে তেওঁলোকৰ শৰীৰত অস্বাভাৱিকভাৱে শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়।
ইয়াৰ ফলত স্বাভাৱিকভাৱে ইনছুলিন নিঃসৰণতো ব্যাঘাত জন্মে। এনেদৰে শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা বৃদ্ধি পায়।
সেইবাবে নিতৌ পুৱাৰ আহাৰ গ্ৰহণৰ পূৰ্বে কি কৰিব লাগে সেই বিষয়ে ‘দ্য জার্ণেল অৱ ফিজিঅ’ল’জি’ত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে। গৱেষণাৰ মুখ্য গৱেষক অধ্যাপক পীটাৰ হেছপেলে নিউভেন কেথলিক বিশ্ববিদ্যালয়ত অধ্যপনা কৰি আছে। অধ্যাপক হেছপেলে উল্লেখ কৰিছে। যে যদিহে খালী পেটতে ব্যায়াম কৰা হয় তেতিয়াহ’লে তুলনামূলকভাৱে কর্মদক্ষতা বৃদ্ধি পায়।