এগৰাকী সুস্থ ব্যক্তি আৰু ৰোগত আক্ৰান্তৰ দৈনিক প্রয়োজন হোৱা কেলৰিৰ মাজত পাৰ্থক্য থাকে। তদুপৰি শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰম কৰা আৰু কায়িক শ্ৰম কম কৰা লোকৰ মাজতো প্রয়োজনীয় কেলৰিৰ ক্ষেত্ৰত পার্থক্য দেখা যায়।
এজন খেতিয়কৰ দৈনিক যিমান কেলৰিৰ প্রয়োজন সেই বয়সৰে শীত-তাপ নিয়ন্ত্রিত কোঠাত বহি লিখা-মেলা কৰা লোক এজনৰ সিমান কেলৰিব প্ৰয়োজন নহ’বও পাৰে।
কাৰণ খেতিয়ক এজনে খেতি পথাৰত কাম কৰোতে যিমান কেলৰিৰ প্ৰয়োজন হ’ব, শীত-তাপ নিয়ন্ত্রিত কোঠাত বহি থাকিলে যিমান কেলৰিৰ ব্যয় নহ’ব।
ফলত অতিৰিক্ত কেলৰি শৰীৰত জমা হৈ পৰৱৰ্তী সময়ত সমস্যাৰ সৃষ্টি কৰিব। খেতিয়কজনৰ যদি ১৮০০ কিলো শক্তিৰ প্ৰয়োজন হয় তেতিয়া শীত-তাপ নিয়ন্ত্রিত কোঠাত থকাজনৰ ১২০০ কিলো কেলৰিৰ প্ৰয়োজন হ’ব।
মনত ৰাখিব প্ৰয়োজনতকৈ বেছি খাদ্য গ্ৰহণ কৰা মানে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ উপৰি আন বহুতো সমস্যাই গা কৰি উঠাৰ আশংকা থাকে। বহুতৰে কেলৰি সম্পৰ্কে সম্যক জ্ঞান নথকা বাবে প্ৰয়োজনতকৈ বেছি গ্ৰহণ কৰাৰ ফলত পৰৱৰ্তী সময়ত সমস্যাই জটিল ৰূপ ধাৰণ কৰে। সেই বাবে সমলোৱে এই ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰা উচিত।