বাৰেৰহণীয়া সংস্কৃতিৰে উজ্বলিল দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বসন্ত উৎসৱ

1 min read

মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেল পথাৰত সদৰ আঞ্চলিক সমিতিৰ সহযোগত ২৭ মে শনিবাৰে জনগোষ্ঠীয় সংগঠনটিৰ দ্বাৰা আয়োজিত প্ৰাক্তন ছাত্ৰ নেতা মণিময় গোস্বামী সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহৰ দ্বাৰ উৎঘাটন
কৰে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে।

প্ৰয়াত ছাত্ৰ নেতা মণিময় গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে তেওঁৰ শিক্ষাবিদ সহধৰ্মিনী, গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূমিকা গোস্বামীয়ে
শ্ৰদ্ধা তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশী আৰু সমাজ সেৱিকা সত্য ৰাণী কলিতাই।

সন্ধিয়া কৃতী শিক্ষক মকিবৰ ৰহমান আৰু নিজামুদ্দিন আহমেদ সোঁৱৰণী বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহখনি সাহিত্যিক, বিশিষ্ট গীতিকাৰ ড০ চহিৰ ভূঞাই উদ্বোধন কৰাৰ লগে লগে কথা ,গীত ,বিহু নৃত্য আৰু হাস্য ব্যঙ্গ অনুষ্ঠানেৰে মুখৰিত হৈ পৰে মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰস্থিত ছাত্ৰ নেতা মণিময় গোস্বামী সোঁৱৰণী সমন্বয় ক্ষেত্ৰ।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল মকছেদ আহমেদ, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশিষ্ট ঘোষক, কন্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অনুষ্ঠানটি মঙলদৈ ইয়ুথ ক্লাবৰ সাধনা সংগীত কলা কেন্দ্ৰ, নামখলাৰ অগ্নিশিখা ….., মঙলদৈ সাংস্কৃতিক বিহু দল, মঙলদৈ মহিলা জেং বিহু, ভাঙা টিভি আৰু খিতেই কাই খ্যাত কৌতুক শিল্পী দীপজ্যোতি ডেকা আৰু সঙ্গীবৃন্দৰ হাস্যব্যঙ্গ অনুষ্ঠান,কন্ঠ শিল্পী হিয়ামনি শৰ্মা,সুমন ৰাজ ,হৰি হৰ্ষিত ৰ গীত মাত নৃত্যৰে আকৰ্ষণীয় ৰূপত সজাই তুলি সমবেত সহস্ৰাধিক সংস্কৃতিপ্ৰেমী ৰাইজক বিমল আনন্দ দিয়ে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মণ, জাতীয় শিক্ষা সংসদৰ আহ্বায়ক ৰাণা বশিষ্ঠ,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক জালা উদ্দিন আহমেদ, জনাৰামচৌকা গাঁও পঞ্চায়তৰ সভাপতি অনিমা ডেকা , অনুসূচিত জাতি ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সভাপতি সাগৰ বৈশ্য ,আন্ত: মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া প্ৰমুখ্যে বিশিষ্ট লোক সকলে

ৰাতিপুৱা পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ উপ-সভাপতি মইনুল হক
শইকীয়াই, বিয়লি ৩ বজাত হাজী হুছেইন আলী সোঁৱৰণী চিত্ৰাঙ্কণ প্ৰতিযোগিতা উদ্বোধন কৰে দৰং জিলা সমিতিৰ কাৰ্তিক সভাপতি আবু আয়ুব আনছাৰীয়ে। সমন্বয়ক তথা জিলা সমিতিৰ উপ-সভাপতি ছফিকুল ইছলাম,সম্পাদক মহিবুল হক,মঙলদৈ নগৰ আঞ্চলিক সমিতিৰ সভাপতি তমজিদ আলি আৰু সাধাৰণ সম্পাদক মীৰ চাহিল ইৰফান, সহকাৰী সম্পাদক তবিবুল্লাহ হক, সাংগঠনিক সম্পাদক নুৰুল হুছেইন,নগৰ সমিতিৰ মহিলা কোষৰ সভানেত্রী ছাহাজাদী বেগম, কাৰ্যকৰী সভাপতি চফুৰা বেগম, সম্পাদিকা সীমা চৌধুৰী, নন্দিতা চহৰীয়া প্ৰমুখ্যে মঙলদৈবাসীৰ সাদৰ অভ্যৰ্থনাত অনুষ্ঠিত এই বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহে নিশা বাৰ বজালৈকে সংস্কৃতি প্ৰেমী শ্ৰোতা দৰ্শকক আনন্দৰ সাগৰত বুৰাই ৰাখে। নিশা বাৰ বজাৰ লগে লগে ‘অ মোৰ আপোনাৰ দেশ ‘
জাতীয় সঙ্গীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

You May Also Like

More From Author