দহ দফীয়া দাবীৰে মৰিগাঁও সদৰ বিহুতলীত ATSU, TYCP, ATCP, OTRD যৌথভাৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

0 min read

সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ যৌথ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত দহটা দাবী পূৰণৰ বাবে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন। বিশেষকৈ

১। তিৱা স্বায়ত্ব পৰিষদৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অতি শীঘ্ৰে প্ৰেৰণ,

২। অসম বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত কৰা,

৩। অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ তিৱা স্বায়ত্ব পৰিষদৰ এলেকাৰ পৰা প্ৰত্যাহাৰ কৰা
,৪। ১৯৯৭ চনত স্বাক্ষৰিত হোৱা তিৱা ভাষা চুক্তি অতি শীঘ্ৰে ৰূপায়ন কৰা,
৫। জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি বেদখল মুক্ত কৰা,
৬। তিৱা স্বায়ত্ব পৰিষদৰ পৰা বাদ পৰি যোৱা তিৱা অধ্যুষিত গাঁও সমূহ নিৰ্বাচনৰ পূৰ্বেই ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা,
৭। জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্ত ক্ষীপ্ৰতৰ কৰা,
৮। অসম চৰকাৰে ঘোষণা কৰা জাগীৰোড চেটেলাইট চিটি নিৰ্মাণৰ সিদ্ধান্ত অতিশীঘ্ৰে প্ৰত্যাহাৰ কৰা,
৯। কাৰ্বি আংলং জিলাত বসবাস কৰা তিৱা লোক সকলক আঞ্চলিক স্বায়ত্ব পৰিষদ প্ৰদান কৰা,
১০। মেঘালয় ৰাজ্যত বসবাস কৰা তিৱা সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

You May Also Like

More From Author