নগাঁৱৰ শালনাৰ লেংটেং আমগুৰিত বন্যহস্তীৰ আক্ৰমণত এজন নিহত

1 min read

নিউজ ব্যুৰ’,নগাঁও,৪মে’:–নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লেংটেং আমগুৰি অঞ্চলত যোৱা নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজন উক্ত গাৱঁৰে নিবাসী অজিত চাওঁৰা( ৪৩) বুলি আৰক্ষীৰ লগতে বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে । জানিব পৰা মতে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এটা বন্যহস্তীয়ে যোৱা নিশা প্ৰায় ১২:৩০ বজাত লেংটেং অঞ্চলৰ আমগুৰি গাঁৱৰ নিবাসী অজিত চাওঁৰা নামৰ লোকজনৰ ঘৰৰ বাৰীত প্ৰৱেশ কৰে ৷ বন্যহস্তী অহাৰ উমান প্ৰায় অজিত চাওঁৰা নামৰ লোকজনে বাহিৰলৈ ওলাই যায় ৷ সেইসময়তে বনৰীয়া হাতীটোৱে আক্ৰমণ কৰি অজিত চাওঁৰা নামৰ লোকজনক থিতাতে নিহত কৰে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লগতে স্থানীয় লোকে উক্ত ঘটনা সন্দৰ্ভত শালনা আৰক্ষী চকীৰ আৰক্ষী আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে ৷ উক্ত ঘটনাৰ খবৰ পায় নিশায়েই শালনা বন বিভাগ আৰু শালনা আৰক্ষী চকীৰ আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি শালনা আৰক্ষী চকীলৈ আনে ৷ আনহাতে যোৱা নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা লোকজনৰ মৃতদেহটো আজি নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত বন বিভাগৰ লগতে আৰক্ষীয়ে পৰিয়ালৰ লোকৰ হাতত চমজাই দিয়ে বুলি জানিব পৰা গৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author