ভাগৱতী দূৰ্গাৰ দহটা অৱতাৰৰ ভিতৰৰ ভিতৰত অন্যতম আছিল-মহাকালি। যাৰ ভয়ংকৰ তথা-কালী ৰূপটোৰ জন্ম অসুৰৰ বিনাশৰ বাবে-হৈছিল।
এয়াই সেই-একমাত্ৰ শক্তি যাক কালেও ভয় কৰে।তেওঁৰ খঙে এনে এক-ভয়ংকৰ ৰূপ ধাৰণ কৰে যে-সমস্ত জগতৰ শক্তি মিলিও-তেওঁৰ খং নিয়ন্ত্ৰণ কৰিব নোঁৱাৰে।তেওঁৰ এই খং ৰোধ কৰাৰ বাবেই-তেওঁৰ স্বামী স্বয়ং মহাদেৱে আহি তেওঁৰ ভৰিৰ ওচৰত শুই পৰিছিল। এই সম্পৰ্কে শাস্ত্ৰত এটা কাহিনী বৰ্ণনা কৰা হৈছে।
দৈত্য ৰক্তবীজে কঠিন তপস্যাৰ বলত-এটা বৰ লাভ কৰিছিল যে-যদি তেওঁৰ তেজৰ টোপাল পৃথিৱীত পৰে-তেতিয়া তাৰপৰা বহুত অসুৰৰ জন্ম হব।তেওঁ নিজৰ ক্ষমতা নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে।লাহে-লাহে লক্তবীজৰ আতংক ত্ৰিলোকত বিয়পি পৰিল।দেৱতাসকলক ৰক্তবীজে যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনালে।আৰম্ভ হল-এক ভয়ংকৰ যুদ্ধ।দেৱতাসকলে ৰক্তবীজক সমস্ত শক্তিৰে ধ্বংস কৰিবলৈ সাজু হল।কিন্তু ৰক্তবীজৰ দেহৰ পৰা-এটোপাল তেজ পৃথিৱীত পৰাৰ লগে-লগে সেই এটোপাল তেজৰে পৰা বহুতো ৰক্তবীজৰ জন্ম হয়।
তেতিয়া সকলো দেৱতাগণ লগ হৈ-মহাকালিৰ ওচৰলৈ গল।মা কালি আচলতে অসুৰৰ বধ কৰিবলৈ জন্ম লোৱা ভাগৱতী দূৰ্গাৰ এক অন্ধকাৰ আৰু ভয়ংকৰ ৰূপ।দেৱতাসকলক ৰক্ষা কৰিবলৈ মহাকালিয়ে এই ভয়ংকৰ ৰূপ লৈ যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিলে।
মহাকালিয়ে যুদ্ধক্ষেত্ৰত অসুৰবোৰক বধ কৰিবলৈ ধৰিলে।কিন্তু যদি ৰক্তবীজৰ এটা টোপাল পৃথিৱীত পৰে-তেন্তে তাৰপৰা বহুতো অসুৰৰ জন্ম হয়।যাৰবাবে-যুদ্ধক্ষেত্ৰত দানৱৰ সংখ্যা বৃদ্ধি হবলৈ ধৰিলে।তাৰপাছত মহাকালিয়ে জিভাখন বহলাই দিলে।পৃথিৱীত পৰাৰ সলনি দানৱৰ তেজবোৰ মহাকালিৰ জিভাত পৰিবলৈ ধৰিলে।মহাকালিয়ে মৃতদৃহবোৰ স্তুপ কৰি সিহঁতৰ তেজ খাবলৈ ধৰিলে।এনেদৰে মহাকালিয়ে ৰক্তবীজক বধ কৰিলে।কিন্তু তেতিয়ালৈকে মহাকালিৰ খং ইমানেই তীব্ৰ হৈ পৰিছিল যে-তেওঁক শান্ত কৰাটো প্ৰয়োজনীয় হৈ পৰিল।কিন্তু সকলোৱে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিছিল।
সকলো দেৱতাই মহাদেৱৰ ওচৰলৈ গৈ-মহাকালিক শান্ত কৰিবলৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।ভগৱান শিৱই-মহাকালিক বহু ধৰণে শান্ত কৰাবলৈ চেষ্টা কৰিলে-কিন্তু অৱশেষত যেতিয়া সকলো প্ৰচেষ্টা বিফল হল-তেতিয়া মহাদেৱে মহাকালিৰ পথত শুই পৰিল।যেতিয়া মহাকালিৰ ভৰি-ভগৱান শিৱৰ ওপৰত পৰিল-তেতিয়া লগে লগে মহাকালি স্তম্ভিত হৈ পৰিল।আৰু তেতিয়া মহাকালিৰ খং কমি আহিল।
আদি শক্তি মা দূৰ্গাৰ বিভিন্ন ৰূপৰ বৰ্ণনা মাৰ্কেণ্ডয় পুৰাণত পোৱা যায়।