টীয়কৰ প্ৰতিবেদক ২৪ মে/২৩
জগন্নাথ চুব্বা,টীয়কৰ এটা চিনাকী নাম,এজন সহজ সৰল ব্যক্তি,পূৰ্বতে টীয়ক আৰক্ষী থানাৰ গাড়ী চলাইছিল যদিও পাছলৈ টীয়ক আৰক্ষী থানাৰ সমীপতে এখন সৰু হোটেল খুলি জীৱন অতিবাহিত কৰিছে সকলো সময়তে হাঁহি ফুৰ্টিতে দিন পাৰ কৰা চুব্বাই।পিছে আজি চুব্বাৰ চকুত চকুপানী।এয়া কিন্তু বিষাদৰ চকুলু নহয়,এয়া আনন্দৰ চকুলু।হয় আজি চুব্বা পৰিয়ালটোৰ এই ভাল খবৰটো পাই সমূহ টীয়কবাসী আনন্দিত হৈ পৰিছে।কিয়নো চুব্বাৰ জ্যেষ্ঠ কন্যা ৰাধিকা চুব্বাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰি পিতৃ মাতৃৰ লগতে সকলোকে গৌৰৱাম্বিত কৰি তুলিছে।ছাত্ৰী ৰাধিকা আজি জীৱন সংগ্ৰামত জয়ী হৈছে।
অতি কষ্টেৰে জীৱনৰ প্ৰতিটো দিন পাৰ কৰিছে ৰাধিকাই।মাক দেউতাকৰ লগত পুৱা প্ৰায় ছয়মাহ বজাতে দেউতাকৰ পুৰণি টাটা চুমুখনত উঠি দোকান পাইহি।তাৰ পাছত গাড়ীতে বহি কিতাপ পঢ়াত ব্যস্ত হৈ পৰে। হোটেলতে কিবা এটা খাই নিদিষ্ট সময়ত বিদ্যালয়লৈ যায় আৰু পুনৰ বিদ্যালয়ৰ পৰা আহি হোটেলৰ কাম কাজত মাক দেউতাকক সহায় কৰাৰ সমান্তৰালকৈ হোটেলৰ টেবুলতে পঢ়া শুনা আৰম্ভ কৰে।ৰাতি পুনৰ আঠ ন বজাত হোটেলতে খাই বয় ঘৰ পাইগৈ।এইদৰে গাড়ী,হোটেলৰ টেবুলত হোটেলত গ্ৰাহকক চাহ ভাত যোগান ধৰি আজি সফলতা লাভ কৰিছে।উল্লেখযোগ্য যে সৰুৰে পৰা ৰাধিকা দৃষ্টিহীনতাত ভোগী আছে।বৰ্তমান এটা চকুৰে সম্পূৰ্ণ নেদেখে আৰু এটা চকুৰে মাত্ৰ ৩০%হে দেখিবলৈ সক্ষম কনমানি ৰাধিকা।চিকিৎসকৰ মতে কোনো কাৰণতে আধা ঘণ্টাতকৈ অধিক সময় টিভি মোবাইল বা পঢ়াত ব্যস্ত থাকিব নালাগে এনে ৰোগী।ইমান জটিলতাৰ মাজতো ৰাধিকা আজি উজ্বলি উঠিছে।সৰুৰে পৰা পুলিচ প্ৰশাসনৰ মাজত ডাঙৰ হোৱা তাইৰ আগন্তুক দিনত আৰক্ষী বিষয়া হোৱা মন।সেয়ে এয়া সপোন যাতে বাস্তৱত পৰিণত হয় তাৰ বাবে সমূহ ৰাইজৰে সহায় সহযোগিতা তথা আশীৰ্বাদ কামনা কৰিছে ৰাধিকাৰ পৰিয়ালে।