সাংস্কৃতিক আৰু শৈক্ষিক নগৰী যোৰহাটত সময়ে সময়ে ঘটি থকা কিছুমান ঘটনাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে। শেহতীয়াকৈ কালি পশ্চিম যোৰহাটৰ ঢেকেলিয়া গাঁৱত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰুতে পিতৃ -মাতৃক হেৰুৱাই অবিবাহিত হৈ সহজ সৰল জীৱন অতিবাহিত কৰা ৭২ বছৰৰ এজন কৃষক দেবেন কলিতা ঘৰৰ কাষৰে এগৰাকী কলেজীয়া মেধা ছাত্ৰীৰ জঘণ্য কাণ্ড হানি ট্ৰেপিংৰ বলি হৈ আত্মহত্যা দৰে পথ বাচি লব লগা হল । স্থানীয় একাংশ মহিলাই পুলিবৰ আৰক্ষী থানাত দেবেন কলিতাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি আজিও প্ৰতিবাদ সাৱস্ত্য কৰিছে।
উল্লেখ্য যে ঢেকেলীয়া গাঁৱৰ এজন পান তামোলৰ দোকানৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ কন্যা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা স্নাতক বৰ্ষৰ জৈনক ভৰালী উপাধিৰ এগৰাকী ছাত্ৰীযে সহজ উপায়েৰে ধন ঘটাৰ মানসেৰে একাংশ যুৱকৰ সৈতে ফেচবুক,ইনষ্টাগ্ৰামত চিনাকি হৈ ঘৰত কোনো নথকাৰ সুযোগত ঘৰলৈ মাটি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি মোবাইল ভিডিঅ বনাই এটা পৰ্ণ ৱেব চাইডত আপলোড কৰে জানিব পৰা গৈছে। ইপিনে মহিলাসকলে অভিযোগ মেধাৱী যুৱতীগৰাকীৰ এই কু-কাৰ্যত আন এক বৃহৎ চক্ৰ জৰিত আছে বুলি তদন্তৰ দাবী জনাইছে।
কালি ঘৰত কাম কৰি থকা অৱস্থাত পুৱা ৮ বজাত বৰদেউতাক দেবেন কলিতাক ভতিজাক ছাত্ৰী গৰাকীয়ে ঘৰলৈ মাটি নিয়ে আৰু গোপন অভিসাৰত লিপ্ত কৰাই মোবাইল ভিডিঅ কৰি সেই ভিডিঅ প্ৰচাৰ কৰে । পাছত বৰদেউতাক দেবেন কলিতাই এই সকলো জানি নিজৰ লাজ ঢাকিবৰ বাবে আত্মহত্যা পথ বাচি লৈ ঘৰ কাষৰ হাবিত চিপ লয়। অজলা অকৰা বহু লোকক এই কলেজীয়া মেধা ছাত্ৰী গৰাকীয়ে বাছি লৈ এনে কৰ্মকাণ্ড দীঘ দিন ধৰি চলাই আহিছে বুলি জনাইছে এই সকল মহিলাই। এই কাণ্ডত এটা বৃহৎ চক্ৰ জৰিত হৈ আছে আৰু অনতি পলমে এই চক্ৰটো আৰক্ষীয়ে তদন্ত কৰি সকলোকে উচিত শাস্ত্ৰী প্ৰদান কৰিবলৈ দাবী জনাইছে।