◼️’আহা আমি খেলো’ শীৰ্ষক মত-বিনিময় অনুষ্ঠান
শুৱালকুছি ৭মে ২০২৩:-
গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে কামৰূপ জিলাৰ শুৱালকুছিত ২০২১ বৰ্ষত গঢ় লৈ উঠা স্পোৰ্টছ একাডেমী অফ শুৱালকুছিয়ে ৩য় বৰ্ষপূৰ্তিৰ কাৰ্যসূচী মত বিনিময় অনুষ্ঠানেৰে শুভাৰম্ভ কৰে।৩য় বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে একাডেমীখনৰ উদ্যোগত আৰু ডাটামেশ্বনৰ সহযোগত শুৱালকুছিৰ শ্ৰীমন্ত শংকৰ নাটঘৰত দিনযোৰা কাৰ্যসূচীৰে
‘আহা আমি খেলো’ শীৰ্ষক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।বিশিষ্ট স্বাস্থ্যসেৱক তথা প্ৰাক্তন খেলুৱৈ কৈলাশ দাসৰ সভাপতিত্বত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি প্ৰায় ২শতাধিক খেলুৱৈ আৰু অভিভাৱকৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত ভাবৰ আদান প্ৰদান কৰে বিশিষ্ট প্ৰেৰণাদায়ক বক্তা পৱন আগৰৱালাই। ছাত্ৰ-ছাত্ৰী সকলৰ ভিন্ন প্ৰশ্নৰ উত্তৰত আগৰৱালাই কয়-‘বিফল হলে ৰৈ দিব নালাগে,বিফলতাক লগত লৈ সফলতাৰ দিশে খোজ দিব লাগে,তেতিয়া সফলতাবোৰ অধিক ধুনীয়া হৈ পৰে। উদীয়মান যুৱক ৰূপম দাসে আঁত ধৰা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে এন এফ ৰেলৱে ফুটবল দলৰ প্ৰশিক্ষক প্ৰশান্ত ভৰালীয়ে। মত
-বিনিময় অনুষ্ঠানত ফ্লৰিনা বৈশ্যৰ বাঁহীবাদন,কমল দাসৰ পৰিচালনাত কন কন শিশুসকলৰ নৃত্য আৰু উদীয়মান জনপ্ৰিয় কন্ঠশিল্পী জ্যোতিপলৰ অনুষ্ঠানে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত খেলুৱৈ সকলক উদ্দেশ্যি বিশিষ্ট ক্ৰীড়া সংগঠক তথা অসম ফুটবল সন্থাৰ কোষাধক্ষ্য হীৰেন গগৈয়ে বহুমূলীয়া মন্তব্য আগবঢ়াই। আনহাতে একাডেমীখনে চলিত বৰ্ষৰ মে মাহৰ পৰা নৱেম্বৰ মাহলৈ ৭মাহজোৰা কাৰ্যসূচী হাতত লৈছে। ‘আহা আমি খেলো’শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্ভূক্ত হিচাপে মত-বিনিময় অনুষ্ঠান,পৰিৱেশ সজাগতামূলক অনুষ্ঠান,চিত্ৰাংকন প্ৰতিযোগিতা,কামৰূপ জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা,অভিভাৱক সভা,ফুটবল শিবিৰ,হকী শিবিৰ,হেণ্ডবল শিবিৰ,স্বাস্থ্য শিবিৰ,বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা,প্ৰতিভা সন্ধানী সপ্তাহ লগতে সাংস্কৃতিক অনুস্থান অনুষ্ঠিত কৰাৰ মানস কৰিছে।