টীয়কৰ চটাই ঘৰফলীয়াত সংঘটিত হৈছে এক অমানৱীয় ঘটনা
সাত বছৰীয়া শিশুৰ সৈতে যৌন উৎপীড়ন চলাই কামনা পুৰালে বাবুল গগৈ নামৰ এটা লম্পটে
টীয়কৰ প্ৰতিবেদক ১৩ মে/২৩
দিনক দিনে পোহৰলৈ অহা যৌন উৎপীড়নৰ ঘটনাই সমগ্ৰ যোৰহাটবাসীক লজ্জিত কৰাৰ সময়তে আজি টীয়কৰ চটাইত ঘৰফলীয়াত আৰু এক অমানৱীয় যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে।জানিব পৰা মতে এগৰাকী সাত বছৰীয়া ছোৱালীক ঘৰফলীয়াৰ বাবুল গগৈ নামৰ এজন ব্যক্তিয়ে আজি বহুদিনৰ পৰা যৌন নিৰ্যাতন চলাই আহিছিল।বাবুল গগৈ পেছাত এজন ব্যৱসায়ী।দোকনৰ পৰা চিপচ,মৰ্টনৰ প্ৰলোভন দি প্ৰায়ে কনমানি ছাত্ৰীগৰাকীৰ সৈতে যৌন কৰ্ম চলাই আহিছিল।ঘটনা মতে আজি কিছুদিনৰ আগত ছাত্ৰীগৰাকী পঢ়া বিদ্যালয়ত বাল্য বিবাহ,স্ত্ৰী শিক্ষা আদি বিষয়ত এক সজাগতা সভা আয়োজন কৰা হৈছিল আৰু তাতে কোনো অভিভাৱকৰ সন্দেহত ছাত্ৰীগৰাকীয়ে সকলো কথা স্বীকাৰ কৰে আৰু লগে লগে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে সমগ্ৰ নাৰকীয় ঘটনাটো তীব্ৰ ভাষাৰে গৰিহণা দি আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি লম্পট বাবুলৰ বিৰুদ্ধে সমজুৱা অভিযোগ দিয়াৰ লগতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ভোগদৈ থানাত এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে ইতিমধ্যে কামাতুৰ বাবুল গগৈক ঘৰৰ পৰা আটক কৰিছে বুলি জানিব পৰা গৈছে।ইপিনে অভিযুক্ত বাবুলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ সমূহ গাঁওবাসীৰ লগতে দল সংগঠনে প্ৰশাসনক আহ্বান জনাইছে।