পানেৰী সমবায় সমিতিৰ ২০২৩-২৪ বৰ্ষৰ বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰা হয় | সভাত অংশগ্ৰহণ কৰে পানেৰী সমবায় সমিতিৰ অন্তৰ্গত ৫২ টা সূলভ মূল্য দোকানৰ এজেন্ট সহ হিতাধিকাৰী সকল |
অসম সমবায় আইন ২০০৭ (সংশোধনী ২০১৩) ৰ ধাৰামতে প্ৰত্যকখন সমবায়ে বছৰ শেষ হোৱাৰ ৬ মাহৰ ভিতৰত বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে | যত বিগত বৰ্ষৰ হিচাপ-নিকাচৰ ক্ষতিয়ান সমূহ ৰাইজৰ আগত দাঙি ধৰিব লাগে | বিগত বৰ্ষৰ দৰে এইবাৰো ওদালগুৰি জিলাৰ পানেৰী সমবায় সমিতিয়ে ২০২৩-২৪ বৰ্ষৰ বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰে | সমবায়খনৰ অন্তৰ্গত থকা ৫২ টা সূলভ মূল্যৰ দোকানৰ এজেন্ট সহ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকল উপস্থিত থাকে | সভাত বিগত বৰ্ষত সমবায়খনৰ নিৰ্ধাৰিত বাজেটৰ আয়-ব্যয়ৰ ওপৰত তথ্য দাঙি ধৰে পৰিচালনা সমিতিৰ অধ্যক্ষ গোলাপচন দৈমাৰীয়ে | ইয়াৰোপৰি সমবায়খনত অকল চাউলৰ উপৰিও নিজাববীয়াকৈ আটা,সৰিয়হ তেল যোগান ধৰাৰো ব্যৱস্থা কৰা হৈছে বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে | আনহাতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা যাতায়ত তথা অন্য ক্ষেত্ৰত এতিয়াওঁ প্ৰায় ৮০ লাখ টকাৰ অনাদায় হয় আছে বুলি বৰ্তমানৰ সম্পাদক গোপীনাথ ঘোষে জনায় | যাৰ বাবে সমবায়খনে যথেষ্ট আৰ্থিক দিশত সমস্যাত পৰিছে বুলি কয় সম্পাদক গৰাকীয়ে | ইয়াৰোপৰি পানেৰী সমবায় সমিতিৰ পঞ্জীভূক্ত হিতাধিকাৰী সকলৰ ভিতৰত কৃষক সকলক সৰিয়হ আৰু ঘেহু খেতিৰ বাবে কম সূতৰ হাৰত ঋণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে | আনহাতে ২০১৮ চনত অনুষ্ঠিত হোৱা সাধাৰণ সভাত নিৰ্বাচিত পৰিচালনা সমিতিৰ ম্যাদ উকলি যোৱাত পুনৰ ২০২৩-২৮ বৰ্ষৰ ৫ বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ ১৪ জনীয়া পৰিচালনা সমিতি নিৰ্বাচিত কৰা হয় | কোনো প্ৰতিদণ্ডিতা নথকাৰ বাবে পুৰণি সমিতি খনকে পুনৰ নিৰ্বাচন কৰা হয় | সমবায়খনৰ মুঠ ১০২৬৯ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিছে ইয়াৰে সৰ্বমুঠ জনসংখ্যা ৩৮,৮৭৫ গৰাকী |