ওদালগুৰিত ঋতুস্ৰাৱ স্বাস্থ্য দিৱস ওপলক্ষে সৰুজ দেৱী ফাউণ্ডেচনৰ উদ্যোগত সজাগতা পদযাত্ৰাৰ আয়োজন

1 min read

বৰ্তমান সময়ত মহিলা বা নাৰীক মানসিক আৰু শাৰীৰিকভাৱে সবল হোৱাটো অতি প্ৰয়োজনীয় লগতে শিক্ষিত হোৱাতো অতি বাঞ্চনীয় । গণতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষ আৰু নাৰী উভয়ে শিক্ষিত হোৱাতো অতি দৰকাৰী । শিক্ষাই নাৰীক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে । গতিকে নাৰী সবলীকৰণৰ দিশত শিক্ষাক অশ্ৰধিকৰ দিবই লাগিব । মহিলা সকলে দৈনিক নানান সমস্যাৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰি আহিছে |

প্ৰতি মাহে মহিলাসকলৰ মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়। মাহেকীয়াৰ সময়ত মহিলাসকলে লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে মে’ মাহত ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস পালন কৰা হয়।

ওদালগুৰিৰ পানেৰীত সৰুজ দেৱী ফাউণ্ডেচনৰ উদ্যোগত ঋতুস্ৰাৱ বা ঋতুচক্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা উদ্দেশ্যেৰে পানেৰী আৰক্ষী চকীৰ পৰা পানেৰী চাহ বাগিচা লৈকে এক সজাগতা পদযাত্ৰা উলিওৱা হয় | এই পদযাত্ৰাত সৰুজ দেৱী ফাউণ্ডেচনৰ বিষয়ববীয়াৰ লগতে পানেৰী অঞ্চলৰ বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে | এই পদযাত্ৰাৰ জৰিয়তে ছোৱালী-মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতা সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰাৰ লগতে এই বিষয় সমূহৰ ওপৰত কেতিয়াওঁ লাজ কৰিব নালাগে বুলি ফাউণ্ডেচনৰ বিষয়া সকলে নাৰী সমাজৰ বাবে বাৰ্তা প্ৰেৰণ কৰে | আনহাতে বিদ্যালয় সমূহতো প্ৰাথমিক পৰ্য্যায়ৰ পৰাই ছাত্ৰী সকলক মাহেকীয়া,ঋতুস্ৰাৱৰ ওপৰত শিক্ষা দিয়াটো অতি গুৰুত্বপূৰ্ণ বুলি বিষয়া সকলে মন্তব্য আগবঢ়াই।

ইপিনে ঋতুস্ৰাৱ সম্পৰ্কে ২০১২ চনত কেইবাটাও জনস্বাস্থ্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ গোটে ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল। ২০১৩ চনৰ মে’মাহত ৱাছ ইউনাইটেড নামৰ সংগঠনে সামাজিক মাধ্যমত এমাহজোৰা অভিযান আৰম্ভ কৰে। তেওঁলোকে ঋতুচক্ৰৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদেশ্য আগত ৰাখি এই অভিযান আৰম্ভ কৰিছিল।

Byte: সৰুজ দেৱী ফাউণ্ডেচনৰ বিষয়ববীয়া |

You May Also Like

More From Author