আজি ৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই দিৱস উপলক্ষে ৰাজভৱনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। যোগাভ্যাসত ৰাজ্যপাল গোলাব চন্দ কাটাৰীয়াই অংশ লয়। লগতে অসমৰ প্ৰথম মহিলা তথা ৰাজ্যপালৰ পত্নী অনিতা কাটাৰীয়াই এই অনুষ্ঠানত অংশ লৈছে। ৰাজ্যপালৰ সৈতে ৰাজ ভৱনৰ কৰ্মচাৰীসকলেও যোগাভ্যাস কৰে।
আনহাতে, এই দিৱস উপলক্ষে ধুবুৰীত আয়োজিত কেন্দ্ৰীয় যোগা দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।
ধুবুৰী ঝগৰাৰপাৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত আজি পুৱা মুখ্যমন্ত্ৰী উপস্থিত হৈ হেজাৰ হেজাৰ লোকৰ সৈতে যোগ কৰে। ইয়াৰ বাবে মঙলবাৰে ধুবুৰী আবৰ্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশাটো কটাইছিল। ধুবুৰীত মুখ্যমন্ত্ৰী ভ্ৰমণৰ দ্বিতীয় দিন।
জানিব পৰা মতে, যোগ অনুষ্ঠানৰ পিছতে ধুবুৰী ভোলানাথ মহাবিদ্যালয় প্লেটিনাম জুবলী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতেই ধুবুৰীৰ পৰা গুৱাহাটী লৈ ৰওনা হ’ব।