চিৰাংঃ বৃহস্পতিবাৰে চিৰাং জিলাৰ দাউখানগৰত পৰম্পৰাগত ইছলামিক সাজ-পোছাক পৰিধান কৰি বড়োলেণ্ড পিপ’লছ ফ্ৰণ্ট চমুকৈ বিপিএফৰ অধ্যক্ষ তথা বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (বিটিচি) প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে পৱিত্ৰ ঈদ-আল আধাৰ নামাজত অংশগ্ৰহণ কৰে।
সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ পিছত বিটিচিৰ প্ৰাক্তন প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “ঈদৰ দিনা নামাজত অংশগ্ৰহণ কৰাটো এয়াই প্ৰথম নহয়। মই প্ৰতি বছৰে কৰো। মাত্ৰ ঠাই সলনি হৈ থাকে।”
সমাজত সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি অটুত ৰখাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰা বুলি প্ৰকাশ কৰে।
মন কৰিবলগীয়া যে একেৰাহে তিনিটা কাৰ্যকাল বিটিচিত শাসন কৰা মহিলাৰীয়ে সংখ্যালঘু ভোটাৰৰ জন সমৰ্থন আদায় কৰাৰ বাবে চেষ্টা চলাই আহিছে।
২০২১ চনৰ পৰিষদীয় নিৰ্বাচনত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল-বিজেপি মিত্ৰজোঁটে তেওঁক ক্ষমতাৰ পৰা উৎখাত কৰিছিল।
৪০খন আসনৰ ভিতৰত মহিলাৰী নেতৃত্বাধীন বিপিএফে ১৭খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপি আৰু ইউপিপিএলে ক্ৰমে ৯খন আৰু ১২খন আসনত জয়লাভ কৰিছিল।