কেন্দ্ৰীয় চৰকাৰৰ কথা মতে চলে চিবিআই, চিবিআয়ে ভেদ কৰিব নোৱাৰে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য’

1 min read

‘কেন্দ্ৰীয় চৰকাৰৰ কথা মতে চলে চিবিআই, চিবিআয়ে ভেদ কৰিব নোৱাৰে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য’ : নগাঁৱত মন্তব্য ভূপেন বৰাৰ

জোনমণি ৰাভাৰ মৃত্যুৰ (Jonmani Rabha Death Case) চিবিআই (CBI) তদন্তৰ সলনি ন্যায়িক তদন্তৰ দিয়া দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Bhupen Bora)। ভূপেন বৰাই ক’লে, চি বি আই কেন্দ্ৰীয় চৰকাৰৰ কথা মতে উঠা-বহা কৰা সংস্থা। সেয়ে চিবিআয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিব নোৱাৰে। আজি পুৱাই নগাঁও আৱৰ্ত্ত ভৱনত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাক। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক লৈয়ো তীব্ৰ সমালোচনা কৰে। অৱশ্যে ইয়াৰ বিপৰীতে, চিবিআইৰ তদন্তক লৈ আশাবাদী জোনমণি ৰাভাৰ পৰিয়াল।

আজি পুৱাই চিবিআইৰ এটা ৮জনীয়া দল লাভলী কাটিয়াৰৰ নেতৃত্বত লখিমপুৰলৈ ৰাওনা হয়। দলটোৱে জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা অপৰাধজনিত গোচৰটোৰো তদন্ত কৰিব।

ইতিমধ্যে গোচৰটোত অভিযুক্ত নুৰ মহম্মদ ওৰফে কালিয়াক বাদ দি আটাইকেইজন অপৰাধীকে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত পৰাৰ ভয়ত কুখ্যাত অপৰাধী নুৰ মহম্মদ কালিয়াই নাগালেণ্ডত আত্মগোপন কৰি থকাৰ খবৰো পোৱা গৈছে। এতিয়া চিবিআইৰ দলটোৱে লখিমপুৰ কাৰাগাৰত বন্দী ৬ অপৰাধীক জেৰা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

You May Also Like

More From Author