নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট,স্মাৰক পত্ৰ প্ৰদান

1 min read

 

নিউজ ব্যুৰ’,নগাঁও,৮জুন:–অসম অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীত যোৱা ৫ জুনত অৰুণাচলী বেদখলকাৰী দুৰ্বৃত্তই নিৰ্মমভাৱে গুলিচালনা কৰি বগা চুতীয়া আৰু মণিটো গগৈ নামৰ অসমীয়া লোক দুজনক হত্যা কৰে । অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত আছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা অৰুণাচলী দুৰ্বৃত্তই কৰা উক্ত নৃশংস হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ধিক্কাৰ জনাইছে । দেশৰ স্বাধীনতাৰ পিছৰে পৰা অসমৰ সৈতে চুবুৰীয়া অৰুণাচল,নাগালেণ্ড,মিজোৰাম, মেঘালয় আদি ৰাজ্যৰ সীমা বিবাদ চলি আছে আৰু বিভিন্ন সময়ত উক্ত ৰাজ্যসমূহৰ দুৰ্বৃত্তই অসমৰ মাটি বেদখল কৰিবলৈ আহি সীমান্তবাসী অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি অহৰহ ভাবুকি সৃষ্টি কৰি আহিছে । আনকি চুবুৰীয়া বেদখলকাৰী দুৰ্বৃত্তৰ হাতত বহু অসমীয়ালোকে প্ৰাণ হেৰুৱাইছে । কিন্তু পৰিতাপৰ বিষয় যে সুদীৰ্ঘকাল ধৰি চলি থকা চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ সমাধান কৰাৰ বাবে অসমৰ ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল- সংগঠনে অসম চৰকাৰক সুদীৰ্ঘ সময় ধৰি দাবী জনাই অহাৰ পিছতো চৰকাৰে এই সমগ্ৰ বিষয়টোত উদাসীনতা প্ৰদৰ্শন কৰি আহিছে । যাৰ পৰিণতিত অসংখ্য অসমীয়াই প্ৰাণ দিব লগা হৈছে । যোৱা ৫ জুনত সংঘটিত ঘটনাত নিহত দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰী সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে দাবী জনোৱা হয়। ইয়াৰ লগতে অনতিবিলম্বে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ অসমৰ মাটি উক্ত ৰাজ্যসমূহক এৰি নিদিয়াকৈ নিষ্পত্তি কৰাৰ দাবীত এখনি স্মাৰক পত্ৰ নগাঁও জিলা উপায়ুক্তৰ জড়িয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author