অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। এই খচৰাত ৰাজ্যখনৰ বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি বা হ্ৰাস নহয়। অসমত ১২৬টা বিধানসভা সমষ্টি থাকিব।
উল্লেখ্য যে, বিধানসভাত STৰ বাবে সংৰক্ষিত সমষ্টি ১৯টালৈ বৃদ্ধি কৰা হৈছে। আনহাতে বিধানসভাত SCৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৯টালৈ বৃদ্ধি আৰু বিধানসভাৰ ৯৮টা সমষ্টি অসংৰক্ষিত কৰি ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে উক্ত খচৰাত।
অসমৰ কোন কেইটা লোকসভা সমষ্টিত কোনকেইটা বিধানসভা সমষ্টি হ’ব জানক–
কোকৰাঝাৰ (ST)ঃ গোসাঁইগাঁও, দতমা, কোকৰাঝাৰ (ST), বাওখুংৰী, পবৰ্তঝৰা, ছিদলী-চিৰাং (ST), বিজনী, গোৱৰ্ধনা, বাক্সা (ST)
ধুবুৰীঃ গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, জলেশ্বৰ, পূৱ গোৱালপাৰা, মানিকপুৰ, মন্দিয়া, চেঙা
বৰপেটাঃ অভয়াপুৰী, বঙাইগাওঁ, ভৱানীপুৰ, বৰপেটা(SC), ৰূপসী, বজালী, হাজো(SC), বৰক্ষেত্ৰী, নলবাৰী, টিহু
দৰংঃ তামলপুৰ(ST), গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাওঁ, ওদালগুৰি(ST), মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ, দলগাওঁ
গুৱহাটীঃ পশ্চিম গোৱালপাৰা(ST), দুধনৈ(ST), ছমৰীয়া, বকো(ST), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া(SC), নতুন গুৱাহাটী, মধ্য গুৱাহাটী, জালুকবাৰী
ডিফু(ST)ঃ বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST), ৰংখাং(ST), আমৰী(ST), হাফলং(ST)
কৰিমগঞ্জঃ হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰাতাবাড়ী(SC)
শিলচৰ(SC)ঃ লক্ষীপুৰ, উদাৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোণাই, নৰসিংপুৰ(SC)
নগাওঁঃ জাগীৰোড(SC), লাহৰীঘাট, মৰিগাঁও, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, নগাঁও, ৰহা(SC)
কাজিৰঙাঃ কলিয়াবৰ, বঢ়মপুৰ, বীনাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ
শোণিতপুৰঃ ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ, বিহপুৰীয়া
লখিমপুৰঃ ৰঙানদী, নাওবৈচা(SC), লখিমপুৰ, ঢকুৱাখনা(ST), ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST), শদিয়া, ডুমডুমা
ডিব্ৰুগড়ঃ মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাং, নাহৰকটীয়া
যোৰহাটঃ সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী(SC), টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ