প্ৰতিকূল বতৰৰ বাবে পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত দেশৰ অন্যান্য প্ৰান্তলৈ বিমান সেৱাৰ পৰাও বিচ্ছিন্ন হ’ল বৰাক উপত্যকা। Indigo ৰ তিনিখন বিমানৰ উৰণ আজি বাতিল কৰা হয় । প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহিঃৰাজ্যৰ সৈতে বৰাকৰ পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত এইবাৰ বিমান পথতো বিঘিনি ঘটিল ।
ইণ্ডিগ’ৱে শিলচৰ বিমানবন্দৰৰ পৰা শনিবাৰে বাতিল কৰে সকলো বিমান সেৱা । অৱশ্যে এয়াৰ ইণ্ডিয়াৰ বিমান শিলচৰ বিমানবন্দৰত পুৱা অৱতৰণ কৰিছিল ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে ইণ্ডিগ’ৰ তিনিখন বিমান অৱতৰণ কৰিব পৰা নাছিল ।
পুৱা কলকাতাৰ পৰা অহা ইণ্ডিগ’ৰ 6E 7722 বিমানখনে ৯ বাৰ চেষ্টা কৰাৰ পিছতো অৱতৰণ কৰিব নোৱৰাৰ বাবে পুনৰ কলকাতালৈ উভতনি যাত্ৰা কৰে আৰু তাতেই অৱতৰণ কৰে । ফলত প্ৰতিদিনাৰ দৰে পুৱাৰে পৰা শিলচৰ বিমানবন্দৰত ৰৈ থকা যাত্ৰীসকল অনিশ্চয়তাৰ মাজত ৰৈ যায় ।
ইণ্ডিগ’ এয়াৰলাইঞ্চৰ (Indigo Airlines) তিনিখন বিমান এখন এখনকৈ বাতিল হোৱাত যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয় । যাত্ৰীসকলে টিকটৰ ধন ঘূৰাই বিচৰাত কৰ্তৃপক্ষই সন্তোষজনক উত্তৰ দিব নোৱাৰিলে ।
অৱশেষত হেঁচাত পৰি কৰ্তৃপক্ষই ঘোষণা কৰে যে বিমানৰ উৰণ বাতিল কৰা হৈছে । পিছত যাত্ৰীসকলে শিলচৰ বিমানবন্দৰ পৰা উভতি যাবলৈ বাধ্য হয় ।