বিদ্যুৎ বিলক লৈ ডাঙৰ খবৰ! দিনত কমিব বিদ্যুৎ মাচুল, বৃদ্ধি পাব নিশাৰ ভাগত

0 min read

বিদ্যুতৰ বিলক লৈ ডাঙৰ খবৰ। বিদ্যুৎ (উপভোক্তা অধিকাৰ) বিধি ২০২০ৰ ব্যাপক সংশোধন আনিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি দিনত বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ বিপৰীতে নিশা বেছি হ’ব বিদ্যুতৰ বিল। কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে ঘোষণা কৰা মতে, বিদ্যুৎ উপভোক্তাৰ বিল দিনৰ ভাগত ২০ শতাংশ পৰ্যন্ত হ্ৰাস পাব। তাৰ বিপৰীতে নিশাৰ সময়ত বৃদ্ধি পাব ২০ শতাংশ পৰ্যন্ত।

২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ১০ কিলোৱাট বা তাৰ অধিক বিদ্যুৎ ব্যয় কৰা বাণিজ্যিক আৰু ঔদ্যোগিক উপভোক্তাৰ বাবে এই নিয়ম কাৰ্যকৰী হ’ব। আনহাতে, কৃষি খণ্ডৰ উপভোক্তা আৰু সাধাৰণ উপভোক্তাৰ বাবে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা বলৱৎ হ’ব এই নতুন নিয়ম।

এই ব্যৱস্থা প্ৰৱৰ্তনৰ লক্ষ্যৰে আৰম্ভণি ঘটোৱা হৈছে ‘দিন সময়’ (টাইম অব ডে’) নীতি। দিনৰ সময় হ’ব আঠ ঘণ্টাৰ, এই ৮ ঘণ্টা নিৰ্ধাৰণ কৰিব ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে।

সৌৰশক্তি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। দিনত বিদ্যুৎ যোগান দিয়া হ’ব সৌৰশক্তি প্ৰকল্পৰ পৰা। সৌৰশক্তিৰ খৰচ কম কাৰণে বিদ্যুৎ মাছুলো হ’ব কম। নিশা জলবিদ্যুৎ বা তাপ বিদ্যুৎ প্ৰকল্পৰ পৰাহে বিদ্যুৎ যোগান ধৰা হ’ব। সেয় নিশাৰ ভাগত বদ্ধি পাব বিদ্যুৎ মাছুল।

You May Also Like

More From Author