বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

1 min read

বিষ্ণুক জগতৰ পালকপিতা বুলি কোৱা হয়৷ নিয়ম অনুসৰি বিষ্ণুৰ পূজা কৰিলে সেই ব্যক্তিৰ জীৱনত কোনো অভাৱ নাথাকে৷ বৃহস্পতিবাৰৰ সৈতে বিষ্ণুৰ বিশেষ সংযোগ আছে৷ বৃহস্পতিবাৰৰ অধিপতি দেৱতা বিষ্ণু৷ সেয়ে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰাৰ বিধান আছে৷ অন্যহাতে বৃহস্পতিক ধন-অৰ্থৰ দেৱতা বুলি কোৱা হয়৷ সেয়ে বৃহস্পতিবাৰে উপবাসে থাকিলে বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়৷ শাস্ত্ৰত কেইটামান ৰাশিৰ কথা কোৱা হৈছে৷ যিকেইটা ৰাশিৰ ওপৰত বিষ্ণুৰ আশীৰ্বাদ থাকে৷ কোন কোন ৰাশিৰ জাতকসকলে বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে জানেনে?

বৃষ ৰাশি
বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে বৃষ ৰাশিৰ জাতকসকলে৷ শুক্ৰ এই ৰাশিৰ অধিপতি৷ শুক্ৰক সৌভাগ্য, সুখ, ধন, বৈভৱৰ কাৰক গ্ৰহ বুলিও বহুতে কয়৷ বিষ্ণুৰ আশীৰ্বাদ আৰু শুক্ৰৰ প্ৰভাৱত বৃষ ৰাশিৰ জাতকসকলৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ এওঁলোকৰ দাম্পত্য জীৱন সুখকৰ হয়৷ ভাগ্যই বৃষ ৰাখিৰ জাতকসকলক সদায়ে লগ দিয়ে৷ এই ৰাশিৰ জাতকসকলে বৃহস্পতিবাৰে উপবাসে থাকিলে ভাল বুলি কয়৷

কৰ্কট ৰাশি
বিষ্ণুৰ প্ৰিয় ৰাশিৰ তালিকাত আছে এই ৰাশিৰ জাতকসকলো৷ চন্দ্ৰ এই ৰাশিৰ অধিপতি৷ চন্দ্ৰৰ প্রভাৱতেই এই ৰাশিৰ জাতকসকল দেখাত সুন্দৰ হয়৷ ইয়াৰোপৰি এই ৰাশিৰ জাতকসকল শিল্পপ্ৰেমীও হয়৷ এওঁলোকে জীৱনত প্ৰচুৰ সমৃদ্ধি অৰ্জন কৰে৷ বিষ্ণুৰ আশীৰ্বাদত এই ৰাশিৰ জাতকসকলে সুখ সুবিধা লাভ কৰে৷ মূৰ দাঙি সমাজত জীয়াই থাকে এই ৰাশিৰ জাতসকল৷ বৃহস্পতিবাৰে বীজ মন্ত্ৰ জপ কৰিলে উন্নতিৰ পথো প্ৰশস্ত হয়৷ সমস্ত মনোকামনা পূৰণ হয়৷

তুলা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি তুলা বিষ্ণুৰ প্ৰিয় ৰাশিৰ মাজত অন্যতম৷ শুক্ৰ এই ৰাশিৰ অধিপতি৷ এই ৰাশিৰ লোকসকল ভাগ্যবান হয়৷ জীৱনত সমস্ত সুখ সুবিধা অৰ্জন কৰে এওঁলোকে৷ শাস্ত্ৰমতে এই ৰাশিৰ জাতকৰ ওপৰত বিষ্ণুৰ বিশেষ আশীৰ্বাদ থাকে৷ ইয়াৰ ফলত তেওঁলোকৰ জীৱন প্ৰচুৰ মান-সন্মান লাভ কৰে৷ এইসকল লোকে বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক৷ ইয়াৰোপৰি বিষ্ণুৰ আৰাধনা কৰিলে সুফল লাভ কৰিব৷
বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে বৃষ ৰাশিৰ জাতকসকলে৷ শুক্ৰ এই ৰাশিৰ অধিপতি৷ শুক্ৰক সৌভাগ্য, সুখ, ধন, বৈভৱৰ কাৰক গ্ৰহ বুলিও বহুতে কয়৷ বিষ্ণুৰ আশীৰ্বাদ আৰু শুক্ৰৰ প্ৰভাৱত বৃষ ৰাশিৰ জাতকসকলৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ এওঁলোকৰ দাম্পত্য জীৱন সুখকৰ হয়৷ ভাগ্যই বৃষ ৰাখিৰ জাতকসকলক সদায়ে লগ দিয়ে৷ এই ৰাশিৰ জাতকসকলে বৃহস্পতিবাৰে উপবাসে থাকিলে ভাল বুলি কয়৷

 

You May Also Like

More From Author