মৃত্যুৰ প্ৰাকক্ষণত ৰাৱনে কোৱা এই কথাটো আপুনি জনাটোও প্ৰয়োজন

1 min read

পৃথিৱী কম্পমান গৈছিল হৈ যেতিয়া ৰাৱণ আকাশৰ পৰা মাটিত পৰি গৈছিল। ভগৱান ৰামে ৰাৱণৰ নাড়িত কাড় মাৰোতে কোৱা হৈছিল যে মাটি কঁপি উঠিল যেতিয়া ৰাৱণ মাটিত পৰিল।

অৰ্থাৎ গোটেই পৃথিৱী কঁপি উঠিছিল। সকলো আশে-পাশে গোট খাই গৈছিল লগতে তেওঁৰ ভায়েক বিভীষণ ,ৰাম আৰু লক্ষ্মণ সকলো । সেই অন্তিম মহূৰ্তত ভগৱান ৰামে লক্ষ্মণক ক’লে, তেওঁৰ পৰা কিবা এটা শিকি আহা ।শিকিবটো বহুতৰ পৰাই পাৰি।লক্ষ্মণে ভাবিলে যাৰ লগত ইমান শত্ৰুতা তাৰ পৰা শিকিব পঠাইছে যে ? কাৰণ তাৰ পৰা সেইটো শিক্ষা পাব পাৰিব যিটো বেলেগত পোৱা নাযাব।চাৰিখন বেদ আৰু পুৰাণৰ জ্ঞান আছিল ৰাৱনৰ। ভগৱান ৰামে সৰু ভায়েক লক্ষ্মণক ৰাৱণৰ ওচৰলৈ শিকিবলৈ পঠালে আৰু লক্ষ্মণে অহংকাৰতে গৈ ৰাৱণৰ মূৰৰ ওচৰত থিয় দিলে।

 

তেতিয়া ভগৱান ৰামে ক’লে মূৰৰ ওচৰত নহয় কিবা শিকিবলৈ চৰণৰ ওচৰলৈ যাব লাগে।লক্ষ্মণ ঘূৰি চৰণ ওচৰলৈ আহিলে আৰু ক’লে ৰাৱণ কিবা শিকাই যাওঁক।অন্তিম সময়ত কিবা শিক্ষা দি যাওঁক । বহুত মৰ্মান্তিক ঘটনা আছিল ৰাৱণে লক্ষ্মণক ক’লে মই কি শিকাম তোমাক । মোৰ প্ৰশ্নৰ উত্তৰ তুমি যদি দিব পাৰা তেতিয়া মুক্ষ প্ৰাপ্তি হ’ব। তেতিয়া লক্ষ্মণে ক’লে আপুনি মোৰ পৰা কি শিকিব বিচাৰিছে।ৰাৱণে ক’লে মোৰ এটা প্ৰশ্ন আছে । ৰাৱণে জীৱনত কেতিয়াও ৰাম আৰু লক্ষ্মণৰ নাম লোৱা নাছিল। হে বানবাসী এনেদৰেই কৈ থাকিল। কাৰণ তেওঁ নাম ল’বলৈও বেয়া পাইছিল।সফল মানুহৰ নাম ল’বলৈও মানুহে বেয়া বা  কষ্ট পায়।বানবাসী,হে মনুষ্য এনেদৰে কৈ আছিল। তাৰ পাছত লক্ষ্মণে ক’লে আপুনি আমাক কিবা শিকাই যাওঁক আৰু জ্ঞান দিয়ক।

তেতিয়া ৰাৱণে ক’লে প্ৰথমতে তুমি মোৰ প্ৰশ্ন এটাৰ উত্তৰ দিয়া।লক্ষ্মণে ক’লে সুধক ।ৰাৱণে ক’লে মোৰ প্ৰথম প্ৰশ্নটো হ’ল তুমি ক্ষত্ৰিয় আৰু মই ব্ৰাহ্মণ।মোৰ কুল তোমাতকৈ ডাঙৰ। মোৰ চাৰিখন বেদৰ জ্ঞান আছে।মোৰ কাৰণে জ্ঞানৰ টিলিঙা বাজে আৰু তোমালোক দুয়োটা বনবাসী ভাই। মই কুলত , জ্ঞানত, সৈন্য বাহিনীৰ ক্ষেত্ৰত তোমালোকতকৈ  ডাঙৰ।মোৰ সেনা বাহিনীত এনেকুৱা এনেকুৱা যুদ্ধা আছিল যাক দেৱতা সকলেও ভয় কৰিছিল।মোৰ ল’ৰাই ইন্দ্ৰক বন্দী বনাই লৈ আহিছিল আৰু মই  কালক বন্দী ৰাখিছিলো আৰু তোমালোক দুয়োটা বানবাসী নগ্ন ভৰিয়ে আহি মোক মোৰ মাটিতে বা ধৰাতে হৰাই দিলা।  মই মোৰ মাটিতে বা ধৰাতে কেঁকাই আছো ।কোৰোবাক তাৰ নিজৰ ঠাইত হৰোৱাতো বহুত কষ্টকৰ কথা। তোমালোকে সাত সাগৰ পাৰ কৰি আহি মোৰ লগত যুদ্ধ কৰিবলৈ আহিলা । প্ৰশ্ন এইটোৱে মই কিয় হাৰিলো ? মইটো কোনো ফালৰ পৰা কম নাছিলোঁ।মই কিয় হাৰিলো ?লক্ষ্মণে ক’লে মই নাজানো। ৰাৱণে তেতিয়া ক’লে এইটোৱে শিকাব বিচাৰিছোঁ মই চৰিত্ৰহীন আৰু তোমালোক চৰিত্ৰবান।ইমানেই। মই সেই ঠাইৰ পৰা পৰি গলো য’ৰ পৰা উঠা বহুত টান আৰু অসম্ভৱ।

You May Also Like

More From Author