১ জুলাইত মংগলৰ গোচৰ অর্থাৎ স্থান সলনি। সূৰ্যৰ ৰাশি সিংহত প্ৰৱেশ কৰিব মংগল। ১৭ আগষ্ট পৰ্যন্ত এই ৰাশিতে থাকিব মংগল। মংগলৰ এই গোচৰৰ ফলত জীৱন সলনি হ’ব এই চাৰি ৰাশিৰ জাতক–জাতিকাৰ। জীৱনত অশুভ প্ৰভাৱ পৰিব, দেখা দিব তীব্ৰ আৰ্থিক সংকট। জানি লওক কোন চাৰিচা ৰাশি সতৰ্ক হ’ব লাগিব।
মেষ ৰাশি – মংগলৰ গোচৰকালত মেষ ৰাশিৰ জাতক–জাতিকাসকল বাধা–বিপত্তিৰ মাজত পৰিব। চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতে সমস্যাই দেখা দিব। ব্যৱসায়ত বিশাল ক্ষতি হ’ব। আয় কমিব অথচ ব্যয় বাঢ়িব। পাৰিবাৰিক অশান্তিয়ে দেখা দিব। বাহিৰলৈ যোৱাৰ যোগ থাকিলেও বিফল হ’ব।
বৃষ ৰাশি – আৰ্থিক অনাটনে দেখা দিব। সঞ্চিত ধন পানীৰ দৰে খৰচ হৈ যাব। চাকৰি আৰু ব্যৱসায়ত সন্মান হানিৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে নাথাকিব। কন্যাৰ স্বাস্থ্যৰ বাবে প্ৰচূৰ অৰ্থ ব্যয় হ’ব পাৰে। সম্পত্তি সংক্ৰান্তীয় সমস্যাই দেখা দিব পাৰে। জীৱনসংগীৰ সৈতে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
কন্যা ৰাশি – নানা বাধা–বিপত্তিৰ সন্মুখীন হ’ব লাগিব। টকাৰ অভাৱত জীৱন বিপৰ্যস্ত হ’ব। এই সময়ত ভুলতো বিনিয়োগৰ কথা নাভাবিব। চাকৰিৰ খাটিৰত বাহিৰলৈ যোৱাৰ পৰিকল্পনা থাকিলে সেয়া হৈ নুঠিব। বিদ্যাৰ্থীসকলৰ বাবে সময় ভাল নহয়। পৰিশ্ৰম কৰিও ভবা ধৰণে ফল নাপাব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাইছে, তেওঁলোকেও ভাল ফলাফল নাপাব।
মকৰ ৰাশি – কেৰিয়াৰত দুৰ্বিসহ সময় আৰম্ভ হ’ব। কোনো কামতে সফলতা নাহিব। চাকৰিজীৱীসকল কাৰ্যক্ষেত্ৰত নানা বাধাৰ সন্মুখীন হ’ব। ব্যৱসায়ীসকল ক্ষতিৰ সন্মুখীন হ’ব। সকলো দিশতে খৰচ বাঢ়িব। সেই অনুসৰি আয় নহ’ব। স্বাস্থ্যৰ ক্ষতি হ’ব।
(অস্বীকাৰ: এই লেখাটো জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্য। Guwahati Times-এ ইয়াক পৰীক্ষা কৰা নাই। ইয়াক একেবাৰে সত্য বুলি কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাই।)