ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জন্ম জয়ন্তী উদযাপন..

0 min read

টীয়কৰ প্ৰতিবেদক ৫ জুন /২৩

আজি শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী।অসমৰ প্ৰতিখন নাওখন,ধৰ্মীয় পীঠত উদযাপনৰ কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী।ব্যতিক্ৰম নহয় টীয়কতো।টীয়কৰ শ্ৰী শ্ৰী গুৰু মাধৱদেৱে নিজ হাতে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী আৰম্বপূৰ্ণ ভাবে উদযাপন কৰা হৈছে।

মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ মূল হোতা শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ অনুগামী শ্ৰী শ্ৰী মাধৱদেৱৰ এই জন্মজয়ন্তীভাগ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।কালি বৰগীত,সত্ৰীয়া নৃত্য,খোলবাদন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত আজি পুৱাই সমূহ ঢেকীয়াখোৱাবাসীৰ সহযোগত ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।উক্ত অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ স্বত:স্ফুৰ্ত সহাৰি পৰিলক্ষিত হৈছে।ইপিনে শোভাযাত্ৰাৰ পাছতে নাম প্ৰসংগ আৰু তাৰ পাছতে মূলসভা ও বঁটা বিতৰণী সভা অনুষ্ঠিত হব লগতে গধূলিলৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে।সেয়ে প্ৰতিটো কাৰ্যসূচীতে সমূহ ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।


ইপিনে মাধৱ গুৰুজনাৰ অমৰ সৃষ্টিক যুগমীয়া কৰি যোৱাৰ চেষ্টাত শ্ৰীশ্ৰী ঢেকিয়াখোৱা বৰ নামঘৰেও গুৰুজনাৰ অমৰ সৃষ্টিক হৰি নামৰ মাজেৰে জীয়াই ৰখাৰ এইদৰে আকুণ্ঠ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে।

You May Also Like

More From Author