অৱশেষত সকলো প্ৰত্যাহ্বান নেওচি ছবিগৃহলৈ “শ্ৰী ৰঘুপতি”

1 min read

 

ইচ্ছা, উৎসাহ আৰু হেঁপাহবোৰ বিগত শুকুৰবাৰৰ দিনটোত সকলোৰে ভাঙি গৈছিল যেতিয়া “শ্ৰী ৰঘুপতি” ক মুক্তি দিয়াৰ পৰা স্থগিত ৰখা হৈছিল। কিন্তু আজি সকলোৰে বাবে আহিছে এক ভাল খবৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰে তথা অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ অনুৰোধ অনুযায়ী ছবিখনৰ দুয়োগৰাকী প্ৰযোজকৰ মাজত বুজাবুজি সম্পন্ন হয় আৰু আদালতত দিয়া গোচৰক উঠাই লোৱা হয়।

ৰবি শৰ্মাই লাইভ যোগে সেইদিনাই কৈছিল যে ধৈৰ্য্য আৰু নিষ্ঠাৰে আগবাঢ়িলে প্ৰতিটো প্ৰত্যাহ্বানক নেওচিব পাৰি। অভিনেতা গৰাকীৰ উক্ত কথাটোৱে যেন সঁচা প্ৰমাণিত হ’ল। এতিয়া কেওদিশে “শ্ৰী ৰঘুপতি” ক আদৰিবলৈ ব্যস্ত হৈ উঠিছে দৰ্শক সকল। এক দীঘলীয়া পৰিক্ৰমা আৰু বহু যুঁজ-বাগৰ দি অৱশেষত ছবিখনক উপভোগ কৰিবলৈ পোৱাৰ উৎসাহে উৎফুল্লিত কৰিছে সকলোকে।

এইখিনিতে, সততে সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈ থকা সীমান্ত শেখৰকো সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতৰ সক্ৰিয় হস্তক্ষেপৰ জৰিয়তে ছবিখনে শীঘ্ৰে মুক্তিৰ পথলৈ অগ্ৰসৰ হৈছে।

You May Also Like

More From Author