আমেৰিকাত বিজ্ঞানীৰূপে নিযুক্ত ডিগবৈৰ অনিৰ্বাণ চক্ৰৱৰ্তী ।

1 min read

ঐতিহাসিক ডিগবৈৰ মেধাৱী ছাত্ৰ অনিৰ্বাণ চক্ৰৱৰ্তীয়ে আমেৰিকাৰ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয়- Texas A & M ত এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাৰ বাতৰিয়ে সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে । বিশ্ববিদ্যালয়খনত চলিত বৰ্ষৰ ২৯ মে’ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছতে একেখন বিশ্ববিদ্যালয়তে এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰে । Phase change of material and thermal management শীৰ্ষক বিষয়ত গৱেষণা কৰিছিল অৰ্ণিবানে । উল্লেখ্য যে, ডিগবৈৰ মিছনপাৰা নিবাসী, জেষ্ঠ্য অধিবক্তা কমলেশ চক্ৰৱৰ্তী আৰু সুগৃহীনি ৰুমা চক্ৰৱৰ্তীৰ পুত্ৰ অনিৰ্বাণ ডিগবৈ দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি শিলচৰ এন আই টিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং সুখ্যাতিৰে উত্তীৰ্ণ হৈ লগে লগে হিন্দুস্থান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডত এজন বিষয়াৰূপে কলিকতাত নিযুক্তি লাভ কৰে । অনিৰ্বাণে ২০১৭ চনত আমেৰিকাৰ south Dakota State University ত সম্পূৰ্ণ জলপানিসহ পঢ়াৰ সুবিধা লাভ কৰে । হিন্দুস্থান পেট্ৰলিয়ামৰ দৰে লোভনীয় চাকৰি পাঁচমাহৰ ভিতৰতে ত্যাগ কৰি আমেৰিকাত অধ্যয়ন কৰি Dakota বিশ্ববিদ্যালয়তো সুখ্যাতিৰে এম এচ ডিগ্ৰী লাভ কৰে । ইয়াৰ পাছতেই সম্পূৰ্ণ জলপানিসহ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয় আমেৰিকাৰ টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয়ত গৱেষণা ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিল । মেধাৱী ছাত্রগৰাকীৰ সফলতাত ডিগবৈৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে কৃৰ্তি ছাত্ৰ অৰ্ণিবানক অভিনন্দন জনোৱাৰ উপৰিও পিতৃ- মাতৃক শুভেচ্ছা জনাইছে ।  ম’বাইল কিয় গৰম হৈ যায় , পেট্ৰল ডিপুত কিয় ম’বাইল চলাবলৈ নিদিয়ে, চলন্ত গাড়ী হঠাত কিয় জ্বলি যায় ইত্যাদি বিষয়ত অৰ্ণিবান চক্ৰৱৰ্তীয়ে গৱেষণা কৰি প্ৰায় আশী শতাংশ সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে ।

You May Also Like

More From Author