অচিনাক্ত বাহনে মহতিয়াই নিলে দুজন বাইক আৰোহীক!
টীয়কৰ প্ৰতিবেদক ১৩ জুন/২৩
যোৱা নিশা টীয়কৰ কলিয়াপানীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰ অভিমুখি ৰিতু্ৰাজ ভূঞা আৰু পংকজ দুৱাৰা নামৰ বাইক আৰোহী দুজনক মহতিয়াই নিয়ে কোনো অচিনাক্ত বাহনে। নিশা আন্ধাৰৰ সুযোগ লৈ পলাই যায় দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। ঘটনাস্থলিত স্হানীয় ৰাইজ উপস্থিত হৈ দুয়ো আহত যুৱকক ততাতৈয়াকৈ টীয়ক FRU লৈ আনে যদিও গুৰুতৰ ভাৱে আহত হোৱাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে এফ আৰ ইউ কৰ্তৃপক্ষই। পৰিতাপৰ বিষয় যে যি সময়ত ৰাজ্য চৰকাৰখনে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজাই আছে তেনে সময়তে কালি নিশা এখন এম্বুলেন্সৰ অভাৱত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱক কেইজন কেইবাঘন্টা ধৰি টীয়ক FRU তে চত্ফটাই থাকিব লগা হয়। শেষত উপায়অন্তৰ হৈ স্থানীয় ৰাইজৰ সহযোগত এখন ব্যক্তিগত এম্বুলেন্সত যুৱক কেইজনক যোৰহাটলৈ লৈ যোৱা হয় যদিও গুৰতৰ ভাৱে আঘাতপ্ৰাপ্ত ৰিতুৰাজ ভূঞাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু আনজন যুৱক চিকিৎসাধীন হৈ আছে।এখন এম্বুলেন্সৰ অভাৱৰ বাবে এজন যুৱকৰ এইদৰে প্ৰাণ হেৰুৱা ঘটনাই এতিয়া স্বাস্থ্য বিভাগৰ পয়ালগা স্বৰূপ পুনৰ উদঙাই দিছে বুলি সৰ্বত্তে চৰ্চা লাভ কৰিছে।