বঙাইগাঁও জিলাৰ যোগীঘোপাত চাৰি ছাত্ৰৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ।নিজৰ প্ৰতিভাৰ বলৰে সদ্যঘোষিত মেডিকেলৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ “নীট “ত চাৰি ছাত্ৰই স্থান দখল কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ।ছাত্ৰ চাৰিজন ক্ৰমে, যোগীঘোপাৰ ঔডুবী গাঁৱৰ মহিদুৰ ইছলাম আৰু ৰিশ্মা আহমেদৰ পুত্ৰ ৰাশিদুল ইছলাম, বৰঘোলা গাঁৱৰ ফাইজুল হক আৰু মমেনা খাতুনৰ পুত্ৰ মোস্তাফিজুল হক , বালাপাৰাৰ নুৰ ইছলাম আৰু ওৱাজেদা বেগমৰ পুত্ৰ আছমুল হক আৰু আব্দুৰ ৰহমান আৰু জয়তাৰা খাতুনৰ পুত্ৰ আব্দুল জব্বাৰ ।ইয়াৰে মোস্তাফিজুল হক আৰু ৰাশিদুল ইছলামে হোজাইৰ আজমল চুপাৰ ৪০ ত অধ্যয়ন কৰিছিল । মোস্তাফিজুল হকে ৭২০ ৰ ভিতৰত ৬৪৩ নম্বৰ লাভ কৰাৰ লগতে ৰাশিদুল ইছলামে ৭২০ৰ ভিতৰত ৬১৬ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নীটত।উল্লেখ্য যে, অভয়াপুৰী আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক মহিদুৰ ইছলামৰ পুত্ৰ ৰাশিদুল ইছলাম ।ৰাশিদুল ইছলামে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৯.৪ শতাংশ নম্বৰ লাভ কৰিছিল ।ইপিনে, অতি দৰিদ্ৰ পৰিয়ালৰ আছমুল হকে ‘নীটত” ৫৮৭ নম্বৰ আৰু শাৰীৰিক ভাৱে সক্ষম আব্দুল জব্বাৰে ১৬২ নম্বৰ লাভ কৰে ।ছাত্ৰ চাৰি গৰাকীৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গ তথা গাঁওবাসী । সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন দেখা ছাত্ৰ চাৰি জনে ইয়াৰ বাবে দৈনিক ৭-৮ ঘন্টাকৈ অধ্যয়ণ কৰিছিল । সৰুৰে পৰা মেধাৰ পৰিচয় দি অহা ছাত্ৰ চাৰিজনৰ সু চিকিৎসক হোৱাৰ সপোন এতিয়া বাস্তৱৰ দিশত ।ছাত্ৰ চাৰিজনে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে ।
যোগীঘোপাত নীটত চাৰি ছাত্ৰৰ স্থান লাভ!
Posted on by GTM Desk
1 min read