নগাঁৱৰ কামপুৰত কপিলীপৰীয়া ৰাইজ আতংকিত,কপিলীৰ জলপৃষ্ঠ বৃদ্ধি

1 min read

 

 

নিউজ ব্যুৰ’,নগাঁও,১৬জুন:–বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কামপুৰত কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত কপিলীপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে । কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৬খনকৈ চুইছ গেট খুলি দিয়াৰ পিছত বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰত কপিলীপৰীয়া ৰাইজক প্ৰশাসনে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । ইফালে বিগত বছৰত প্ৰলয়ংকাৰী বানত কামপুৰৰ বহু কেইটা অঞ্চলৰ ৰাইজ সৰ্বস্বান্ত হৈ পৰাৰ পাছত পুনৰ বানপানীৰ মুখামুখি হোৱাৰ আশংকাই ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে । বিশেষকৈ ৰহা সমষ্টিৰ অন্তৰ্গত বকুলগুৰি, গোসাইগাঁও,কুম্ভিৰডুবি,পদুমনি, সৰিয়হতলী আদি কেবাটাও অঞ্চলত বিগত ২০২২বৰ্ষত বানে বিভিন্ন ঠাইত মথাউৰি ছিঙি ত্ৰাসৰ সৃষ্টি কৰিছিল। বানপীড়িত ৰাইজৰ প্ৰবল দাবীত মথাউৰিসমূহ নিৰ্মাণ কৰিছে যদিও বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ঠাইত নিৰ্মাণৰ কাম বিভাগীয় কৰ্তৃপক্ষই পলমকৈ হাতত লোৱাত বৰ্তমানেও উন্মুক্ত হৈ আছে বহু মাথাউৰিসমূহ । আনহাতে কপিলী নৈৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে কামপুৰ-যমুনামুখ পথৰ কামপুৰৰ তিনি নং ৰে’ল গেটৰ কাষৰ সৰিয়হতলিত। অৱশ্যে ইতিমধ্যে গড়কাপ্তানী বিভাগে উক্ত পথটো বন্ধ কৰি দিছে । বিগত বৰ্ষত এই ঠাইত প্ৰবল খহনীয়া হৈছিল যদিও মেৰামতি নোহোৱাত ব্যাপক ভাবুকি আহি পৰিছে পথটোলৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি আন বহু কেইটা দল- সংগঠন আৰু অঞ্চলৰ ৰাইজে চৰকাৰক শীঘ্ৰে বান্ধটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে । উল্লেখ্য যোৱা ২০২২বৰ্ষৰ বানৰ সময়ত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰীকাই বানৰ পিছতে ভগ্ন মথাউৰিসমূহ নিৰ্মাণ তথা কামপুৰক “বানমুক্ত” কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। পিছে বৰ্তমানেও উক্ত মথাউৰি উন্মুক্ত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author