জোনালী মাৰ্ডাৰ: গাড়ীত মৃতদেহ লৈ ঘূৰি ফুৰিছিল হাছানুৰ-আজিবৰে!

1 min read

ৰাজ্য কঁপাই যোৱা জোনালী নাথ হত্যাকাণ্ডৰ লগত জড়িত আন এজনক আজি জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা লোকজনৰ নৰম আজিবৰ ৰহমান৷ উল্লেখ্য, ঘটনাৰ পিছদিনাই জোনালী নাথ হত্যাকাণ্ডৰ মূল অপৰাধী হাছানুৰ ইছলামক জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত প্ৰতিদিনেই আৰক্ষীয়ে উদ্‌ঘাটন কৰিছে ন ন তথ্য৷ ইতিমধ্যে হত্যাকাৰী হাছানুৰৰ গৃহৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত কাঠৰ টুকুৰা, জোনালী নাথৰ ডায়েৰী আদি উদ্ধাৰ কৰাৰ পাছত আজি হত্যাকাণ্ডটোত প্ৰত্যক্ষভাৱে জড়িত আন এটা অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা  লোকজনৰ নাম আজিবৰ ৰহমান৷ বহতীৰ শিংৰামাৰী নামৰ ঠাইত এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰে আজিবৰ ৰহমানক৷ জানিব পৰা মতে, ইতিমধ্যে জোনালী নাথ হত্যাকাণ্ডত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আজিবৰ ৰহমান বিভিন্নধৰণৰ দুষ্কাৰ্যৰ লগত জড়িত থকা এজন যুৱক৷ ইফালে জোনালী নাথৰ বেগ, চেণ্ডেল তথা নেত্ৰীগৰাকীয়ে পিন্ধি থকা আ-অলংকাৰখিনিৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ আনহাতে, জোনালী নাথৰ মৃতদেহ কঢ়িয়াই নিয়াৰ সময়ত হাছানুৰ ইছলামৰ বাহনখনৰ ছবি বন্দী হৈছে কৃষ্ণাইৰ হোটেল এখনৰ চিচিটিভি কেমেৰাত৷ ১১ জুনৰ সন্ধিয়া ৭.৩২ বজাত মৰনৈ গড়কাপ্টানি পথেৰে কৃষ্ণাই মূল বজাৰত প্ৰৱেশ কৰা বাহনখন প্ৰথমে এটা সংযোগী পথেৰে যাব বিচাৰে যদিও সেই পথেৰে নগৈ পুনৰ বাহনখন ঘূৰাই বজাৰৰ মাজৰ মূল পথেৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ গুছি যায়৷ সেইখিনি সময়ত জোনালী নাথৰ মৃতদেহ বাহনখনৰ ভিতৰতে আছিল৷ ইয়াৰ পাছত হাছানুৰ আজিবৰে শালপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জোনালীৰ মৃতদেহ পেলাই দি মোলানডুবি ধাইগাঁও পথেৰে দমনী হৈ মাটিয়ালৈ আহিছিল আৰু অহাৰ পথত মাজজাখিলি বজাৰৰ এখন দোকানত শীতল পানী আৰু মিৰিণ্ডাৰ বটল কিনা দৃশ্য উক্ত দোকানখনৰ চিচিটিভি কেমেৰাত বন্দী হৈছিল৷ ইফালে আজি জোনালী নাথৰ গৃহত উপস্থিত হয় আঙুৰলতা ডেকা৷ আঙুৰলতা ডেকাই শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰে আলোচনাত মিলিত হয়৷ ইফালে সাংবাদিকৰে হোৱা বাৰ্তালাপত ডেকাই কয় দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাবই লাগিব৷   তেওঁ লগতে কয় ভাল লাগিছে যে মুখ্যমন্ত্ৰীয়ে খুব তৎপৰতাৰে গোটেই বিষয়টো সমগ্ৰভাৱে পোনপটীয়াকৈ চাই আছে৷ আৰু পৰিয়ালটোৰ সৈতে ফোনযোগে কথা পাতিছে৷ আশ্বাস দিছে৷ গোৱালপাৰা জিলা প্ৰশাসনে গোটেই বিষয়টো সুন্দৰভাৱে চাই আছে৷ প্ৰণিধানযোগ্য যে জোনালী নাথৰ স্বামী আৰু জীয়ৰীয়ে হত্যাকাৰীৰ ফাঁচীৰ শাস্তি হোৱাটো দাবী কৰিছে৷ 

You May Also Like

More From Author