যোৱা ২৫জুনত বিহালী বাহবাৰীৰ নিৰুদ্দেশ হোৱা লোক আজি হাতীবন্ধাৰ পুখুৰীত উদ্ধাৰ SDRFক দোষাৰোপ ৰাইজৰ…

1 min read

বিহালী সমষ্টিৰ অন্তৰ্গত বাহবাৰীৰ গাঁৱৰ বাবাই মুৰা নামৰ লোকজন বিগত ২৫ জুনৰ পৰাই নিৰুদ্দেশ হৈ আছিল। যোৱা ২৮ জুনত হাতিবন্ধাৰ গাওঁ ৰ এটা পুখুৰীৰ পাৰত কপোৰ চেন্দেলক কেন্দ্ৰ কৰি গাওঁ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিহালী আৰক্ষী আৰু গহপুৰৰsdrf মাতিছিল ৰাইজে sdrfয়ে পানীত বিচাৰি পোৱা নাছিল মৃতদেহ।
কিন্তু SDRF অভিযান চলোৱা দুদিনৰ পিছত আজি স্থানীয় বাহবাৰী গাওঁ ৰ যুৱকে কলৰ ভুৰ লৈ প্ৰত্যক্ষ কৰে উক্ত বাবাই মুৰা নামৰ লোকজন মৃতদেহ ইয়াৰ পিছতে বৰ্ত্তমান বিহালী আৰক্ষী উপস্থিত হৈ ৰাইজক সহযোগত মৃতদেহ উদ্ধাৰ কৰিছে। অন্যহাতে উক্ত বাবাই মুৰা পূৰ্বতে ডেকাপথাৰ গাৱঁৰ বাসিন্দা আছিল যদিও প্ৰায় ১০বছৰ ধৰি বাহবাৰী অঞ্চলতে স্থায়ী বাসিন্দা হিচাপে বসবাস কৰি আছিল। মৃত বাবাই পত্নী সহ এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি যায়। আনহাতে যোৱা ২৮ জুনত sdrfদলে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যক ৰাইজে দোষাৰোপ কৰে। বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট, guwahati times

You May Also Like

More From Author