ঘগ্ৰাপাৰৰ OC বিমান ৰয়ক বৰ্খাস্ত

1 min read

ঘগ্ৰাপাৰৰ OC বিমান ৰয়ক বৰ্খাস্ত। DGP জি পি সিঙে দিলে নিৰ্দেশ। কিশোৰীক নগ্ন কৰি তুলিছিল ফটো। পলাতক আৰক্ষী বিষয়াজনৰ সন্ধান দিওতালৈ ঘোষণা কৰা হৈছে পুৰস্কাৰ।

আনহাতে, বিমান ৰয়ৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । সঞ্চালক প্ৰধানগৰাকীয়ে পলাতক আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

উল্লখেয যে ভূক্তভোগী কিশোৰীগৰাকীয়ে নিৰ্যাতনৰ সমগ্ৰ ঘটনা প্ৰথমতে উপ-পৰিদৰ্শক লিজা টায়েক জনাইছিল । কিন্তু টায়েকে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান দিছিল । এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বুধবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে উত্থাপন হৈছিল এক বিস্ফোৰক অভিযোগ। যোৱা ২১ জুনত ভুক্তভোগী এগৰাকী কিশোৰীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল । অৱশ্যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ থানালৈ লৈ যায় । দুয়োকে সেই নিশা লকআপৰ ভিতৰতে ৰখা হয় । অভিযোগ অনুসৰি কিশোৰীগৰাকীক এখন-এখনকৈ কাপোৰ খুলিবলৈ ভাবুকি দিছিল উপ-পৰিদৰ্শকগৰাকীয়ে। ইয়াৰ পিচতে তেওঁ ম’বাইলেৰে ফটো উঠাইছিল উলংগ অৱস্থাত থকা কিশোৰীগৰাকীৰ। ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এফআইআৰ অনুসৰি যোৱা ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

You May Also Like

More From Author