বিজেপিৰ বিসম্বাদৰ ওপৰত ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

1 min read

টীয়কৰ প্ৰতিবেদক ১ জুন /২৩

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ অন্তকণ্ডলৰ ওপৰত আজি টীয়কৰ এক সভাত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ Nation first, দল দ্বিতীয়, আৰু ব্যক্তি তৃতীয়।
“আপোনালোকে সামাজিক মাধ্যমত একো নিলিখিব দলৰ মজিয়াত আলোচনা কৰক।
দললৈ আৰু বহু নতুন মানুহ আহিব তাত দলৰ কোনো ক্ষতি নহয় ৷ কিন্ত আমি নিবিচাৰো আপোনালোকৰ যাতে কোনো ক্ষতি নহওক পূৰ্বৰ যি সন্মান পাই আছিল সেয়া অতুত থাকক”৷লগতে কাৰো মান সন্মান যাতে লাঘৱ নহওক তাৰ বাবে এইসমূহ সৰু,সুৰা ক্ষোভ পৰিহাৰ কৰি দলৰ মজিয়াত আলোচনা কৰি সকলো আগবাঢ়িব লাগে আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগে বুলি সদৰি কৰে যুৱ বিধায়ক গৰাকীয়ে।

You May Also Like

More From Author