সাগৰৰ গভীৰতাত সলিল সমাধি ঘটিল টাইটানৰ

0 min read
আমেৰিকান ক’ষ্ট গাৰ্ড আৰু টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা সংস্থা অ’চেনগেটে চাবমেৰিনখনৰ সকলো যাত্ৰীক মৃত ঘোষণা কৰিছে।
আমেৰিকান ক’ষ্ট গাৰ্ডৰ ৰিয়াৰ এডমিৰেল জন ম’গাৰে কয়, ‘টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা ১৬০০ ফুট দূৰত্বত ৰবটে টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। দুৰ্ঘটনাৰ সময়ত ছাবমেৰিনখন ভিতৰলৈ মহতিয়াই যোৱাৰ সন্দেহ। এতিয়া যাত্ৰীকেইজনক উদ্ধাৰ কৰিব পৰা যাব নে নাই সেয়া কোৱা টান। ঘটনাস্থলীৰ পৰিৱেশ অতি প্ৰতিকূল। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জনাইছো।” অভিযানকাৰী সংস্থাটোৱেও এক বিবৃতিযোগে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব মাৰিছিল টাইটান। টাইটানে যাত্ৰীসকলক সাগৰৰ গভীৰতাত য’ত টাইটানিকৰ ধ্বংসাৱশেষ আছে, সেই ঠাইখন দেখুৱাবলৈ লৈ গৈছিল।
যোৱা দেওবাৰে পাঁচজন যাত্ৰীৰে সৈতে অ’চেনগেট সংস্থাই নিৰ্মাণ কৰা চাবমেৰিনখন সাগৰৰ ১৩ হাজাৰ ফুট গভীৰতালৈ নামি গৈছিল। যাত্ৰা আৰম্ভ হোৱাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিছতে নিৰুদ্দেশ হয় টাইটান। নিৰুদ্দিষ্ট হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকান আৰু কানাডাৰ সেনা বাহিনী। উত্তৰ আটলাণ্টিক মহাসাগৰত চলিছিল এই অনুসন্ধান।
ছাবমেৰিনৰ শব্দ ধৰিবলৈ শব্দ তৰংগ যন্ত্ৰও স্থাপন কৰা হৈছিল। ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে এই অনুসন্ধানত জড়িত আছিল ৰবটো। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যাক পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰিছে।

You May Also Like

More From Author