উদ্বোধন কৰিলে বাগিচাৰ অঞ্চলৰ তিনিখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়
তিনিখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন কৰিবলৈ বিশ্বনাথৰ বিহালীত উপস্হিত হল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা।প্ৰথমে বিহালীৰ কেটেলা চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন কৰি মুখ্যমন্ত্ৰী গৰাকী উপস্হিত হয় জিনজিয়াত। জিনজিয়া চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন কৰি ৰাজহুৱা সভা সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষন প্ৰসংগত কয় যে বিহালীত স্থাপন কৰা পণ্ডিত দিন দয়াল উপাধ্যায় কলেজত কেৱল বিজ্ঞান শাখা থকাৰ বাবে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিছু কম হৈছে।সেইহে মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ এই সভাতে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত কলা শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে। ইফালে নিৰ্বাচনী আয়োগে বিহালী সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰাত বিহালীত বিভিন্ন দল সংগঠনে অসন্ত্তষ্ট প্ৰকাশ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এই সমস্ত বিষয় ভাৰতীয় নিৰ্বাচনী আয়োগৰ বিষয় বুলি উল্লেখ কৰে। ইয়াত বিহালী ৰাইজৰ যদি এই সন্দৰ্ভত অসন্ত্তষ্টি আছে,তেনেহলে নিৰ্বাচনী আয়োগৰ আগত আপত্তি দৰ্শাব পাৰিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।তাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ বিশ্বনাথৰ পাভৈ চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় শুভ উদ্ধোধন কৰিবলৈ ৰাওন হয় জিনজিয়া চাহ বাগিচাৰ পৰা।বিশ্বনাথৰ মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংঘল,সাংসদ পল্লব লোচন দাস,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,গহপুৰৰ বিধায়ক উৎপল বৰা আদি।
বিশ্বনাথৰ বিহালীৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট