ৰাজ্যত বানৰ বিভীষিকা আনফালে বজাৰত শাকপাচলিৰ জুই চাই দাম…

0 min read

ৰাজ্যত বানৰ বিভীষিকা আনফালে বজাৰত শাকপাচলিৰ জুই চাই দাম ৷ শাকপাচলিৰ দাম বৃদ্ধি হৈছে। যদিও ক্ষুদ্ৰ কৃষক সকল কিমান লাভান্বিত হৈছে ৷

যোৱা দিন কেইটাত ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নষ্ট হৈ পৰিছে শাক পাচলি খেতি সমূহ ৷ এইজন বিশ্বনাথৰ ৰতোৱাৰ সোনমণি বৰমুদৈ , তেওঁৰ কৃষি পথাৰত জিকা , বিলাহী , লেচেৰমাহ , ৰঙালাও , কোমোৰা , পানীলাও ,তিয়হকে আদি কৰি বিভিন্ন ধৰণৰ শাকপাচলি উৎপাদন হৈছিল যদিও ৰাজ্যত অহা নেৰানেপেৰা বৰষুণৰ ফলত নষ্ট হৈ পৰিছে সকলো শাকপাচলিৰ উৎপাদন ৷ কোনো বছৰে পানী নোহোৱা কৃষি পথাৰ খন এইবাৰ বৰষুণৰ ফলত নষ্ট কৰিলে সকলো শাকপাচলি ৷ এতিয়া শাকপাচলিৰ দাম বৃদ্ধি হৈছে যদিও সেই অনুপাতে উৎপাদন নোহোৱাৰ ফলত বিপদৰ সন্মুখীন হ’ব লগীয়া হৈছে সোনমণি বৰমুদৈৰ দৰে বহুতো কৃষক ৷।

You May Also Like

More From Author