মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ চনত। তেওঁৰ জন্মস্থান সম্পর্কে এতিয়াও বিতর্ক চলি আছে। বহুতৰ মতে মাধৱদেৱৰ জন্ম হৈছিল বর্তমান উত্তৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেতেকুপুখুৰী নামে ঠাইত। অৱশ্যে গুৰুজনাৰ জন্ম তাৰিখ সম্পর্কেও বিতর্ক নােহােৱা নহয়। মধ্যযুগৰ জীৱনপঞ্জীবােৰত বিশেষকৈ ষােল্ল আৰু সােতৰ শতিকাৰ গুৰুসকলৰ জন্ম তাৰিখ বিতংকৈ লিখাৰ পৰম্পৰা নাছিল বুলিয়েই ক’ব পাৰি। পিছলৈ ওঠৰ আৰু ঊনৈশ শতিকাৰফালে তেনে ব্যক্তিৰ জন্ম চন, তাৰিখ সঠিককৈ লিখাৰ প্রক্রিয়া আৰম্ভ হয়। কিন্তু মহাপুৰুষসকলে ইহসংসাৰত কিমান বছৰ জীয়াই আছিল তাৰ হিচাপ ৰখাৰ ব্যৱস্থা আছিল। সেই হিচাপত মাধৱদেৱে এশ সাত বছৰত মৃত্যুবৰণ কৰাৰ তথ্য পােৱা যায় আৰু তাৰেই আধাৰত মাধৱদেৱে ১৪৮৯ চনত জন্মগ্রহণ কৰিছিল বুলি ঠাৱৰ কৰা হৈছে।
মাধৱদেৱৰ দেউতাকৰ নাম আছিল মহােদৰ ভূঞা আৰু মাকৰ নাম আছিল মনােৰমা। পিছে মনােৰমা মহােদৰ ভূঞাৰ দ্বিতীয় পত্নীহে আছিল। মহােদৰ ভূঞা আছিল কায়স্থ জাতিৰ লােক। এওঁৰ ঘৰ আছিল বর্তমান বাংলাদেশৰ ৰংপুৰ জিলাৰ বণ্ডুকাত। মহােদৰ ভূঞাৰ আন নামাে কেইটামান আছিল।বহুতে তেওঁক গােবিন্দগিৰি, বৰকণাগিৰি ভূঞা আৰু দীঘলপুৰীয়া বুলিও জানিছিল। বৰকণাগিৰিয়ে বণ্ডুকাত মজিন্দাৰী কৰিছিল। তাত থাকোতে গােবিন্দগিৰিয়ে অনুচিতা নামৰ এজনী ছােৱালী বিয়া কৰায়। অনুচিতাই দামােদৰ নামৰ এটি পুত্র সন্তান জন্ম দি মৃত্যুবৰণ কৰে। পত্নীৰ বিয়ােগত গােবিন্দগিৰিয়ে বৰ মানসিক কষ্ট পালে। তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ নােহােৱাৰ ভাব এটা লৈ পুতেক দামােদক মজিন্দাৰীৰ দায়িত্বভাৰ অৰ্পণ কৰি কিছুদিন পিছত কামৰূপলৈ বুলি গুচি আহিল। বৰকণাগিৰিয়ে আহি বৰদোৱাত উপস্থিত হােৱাত তাতেই মহাপুৰুষ শংকৰদেৱৰ সৈতে দেখা-সাক্ষাৎ হয়। শংকৰদেৱে গােবিন্দগিৰিৰ আচৰণত বৰ সন্তুষ্ট হ’ল। বৰদোৱাৰ টেষুৱানিত শংকৰদেৱেই গােবিন্দগিৰিক ঘৰ-দুৱাৰ সজাই থাকিবলৈ ব্যৱস্থা কৰি দিলে। শংকৰদেৱৰ সান্নিধ্য লাভ কৰি গােবিন্দগিৰিৰ পূৰ্বৰ বৈৰাগ্য ভাব আঁতৰিল। আনকি শংকৰদেৱৰ খুৰাকৰ ছােৱালী মনােৰমাক বিবাহ কৰাই তেওঁ পুনৰ সংসাৰ পাতিবলৈ ললে। মনােমাই পিছত মাধৱৰ উপৰিও উর্বশী নামৰ এটি কন্যা সন্তান জন্ম দিয়ে।
অৱশ্যে গােবিন্দগিৰি বেছিদিন বৰদোৱাত থাকিব নােৱাৰিলে। কছাৰীসকলৰ উপদ্ৰৱত তিষ্ঠিব নােৱাৰি তেওঁ ব্রহ্মপুত্ৰৰ উত্তৰ পাৰলৈ অহাৰ ব্যৱস্থা কৰে। বৰদোৱাৰ পৰা দোলাত আহােতে গােবিন্দগিৰি আৰু তেওঁৰ পত্নী যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হয়। তেওঁলােকে টোপনি যােৱাৰ সময়ত দুলীয়াই তেওঁলােকৰ সকলে বস্তু লুটি লৈ যায়। সাৰ পাই উঠি তেওঁলােকে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ নলৰ চুঙাত ভৰাই অনা পানী খাই পিয়াহ দূৰ কৰিবলৈ যাওঁতে অসম ৰজাৰ উজিৰ হৰিশিঙা বৰাৰ লগত দেখা-সাক্ষাৎ হয়। হৰিশিঙা বৰাৰ নাৱত থকা মাজীজনৰ লগত গােবিন্দগিৰিৰ তেতিয়াই মধুৰ সম্পর্ক গঢ়ি উঠে। হৰিশিঙা বৰাৰ নাৱত থকা মাজীজনৰ ঘৰ ঘাগৰত। আনকি নাৱত গৈ থাকোতেই তেওঁলােকৰ দুর্দশাৰ কথা ঘাগৰী মাজীয়ে জানিব পাৰি বৰ দুখ পালে আৰু গােবিন্দগিৰিৰ সৈতে মাজীয়ে সখি বান্ধি পেলালে। এই ঘাগৰী মাজীৰ গৃহতেই গােবিন্দগিৰিয়ে প্রায় ১৮ বছৰ কাল কটাইছিল বুলি জনা যায়। আনকি ঘাগৰী মাজীৰ ঘৰতেই মাধৱদেৱে বহু শাস্ত্র অধ্যয়ন কৰিছিল।
সুখৰ কথা যে এসময়ত হৰিশিঙা বৰা, ঘাগৰী মাজী আৰু মহােদৰ ভূঞাৰ মাজত ভাল সম্পর্ক গঢ়ি উঠিছিল। জানিব পৰা মতে মহােদৰৰ আশ্রয়স্থল হৰিশিঙা বৰাৰ ঘৰতেই মাধৱদেৱৰ জন্ম হৈছিল।
“চৌদ্ধিশ আষাৰ অব্দে জৈষ্ঠ মাহ। কৃষ্ণ পক্ষ ৰবিবাৰ প্রতিপদ শশী।। সি সময়ে মাধৱদেৱ প্ৰকাশ ভৈলন্ত।
সকলাে প্রসন্ন ভৈল সিদ্ধমুনি সন্ত।।” সেইমতে ১৪১১ শকৰ জেঠ মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি ৰবিবাৰে মাজতিহেমাধৱদেৱৰ জন্ম হৈছিল। বৈষ্ণৱ সম্প্রদায়ে ১৪১১ শকটোকেই মহাপুৰুষ মাধৱদেৱৰ জন্মবর্ষ হিচাপে গ্রহণ কৰি আহিছে। যাহওক মাধৱদেৱৰ পঢ়াৰ বয়স হােৱাতহৰিশিঙাইৰাজেন্দ্র অধ্যাপকৰ ছাত্ৰশালীত মাধৱদেৱক নামভৰ্তি কৰি দিয়ে। মাধৱদেৱ সৰুৰে পৰাই পঢ়া-শুনাত চোকা আছিল। শিক্ষকে এবাৰ কিবা এটা শিকাই দিলে দ্বিতীয়বাৰ তেওঁক সেই বিষয়ে ক’ব লগা হােৱা নাছিল। তাতেই তেওঁ সংস্কৃত বিষয়টোও ভালদৰে শিকি লৈছিল। মাধৱদেৱে সাতখন ব্যাকৰণ, পুৰাণ, ভাগৱত আদি পঢ়ি শেষ কৰিছিল।
আনহাতে ঘাগৰী মাজীৰ ঘৰত থকা কালতেই জন্মলাভ কৰা মাধৱদেৱৰ ভনীয়েক উর্বশীৰ বয়স দহ বছৰ হােৱাত গােবিন্দগিৰিয়ে জীয়েকক বিয়া দিবলৈ মনস্থ কৰে। ফলত তেওঁ ঘাগৰী মাজীৰ ঘৰ ত্যাগ কৰি গােবিন্দগিৰিয়ে সপৰিয়ালে ভাণ্ডাৰীডুবিলৈ গুচি আহে। তাতেই তেওঁ ৰামদাস ভূঞাৰ সৈতে নিজৰ জীয়েক উর্বশীক বিয়া দিয়ে। ৰামদাস ভূঞাক গয়াপাণি বুলিও জনা গৈছিল। ৰামদাসাে কায়স্থ জাতিৰ লােক আছিল।
পিছত গােবিন্দগিৰিয়ে পত্নী মনােৰ্মাক জোৱায়েক গয়াপাণিৰ ঘৰতেই এৰি থৈ পুতেক মাধৱদেৱক লগত লৈ পৈতৃিক গাঁও বাণ্ডকালৈ যায়। বাকালৈ গৈ গােবিন্দই মাধৱদেৱক ককায়েক দামােদৰ সৈতে পৰিচয় কৰি দিয়ে। মাধৱদেৱ আৰু পিক গােবিন্দগিৰিক বহুদিনৰ মূৰত দেখি দামােদৰৰ যেন আনন্দে নধৰা মন। কিছুদিন আটাইকেইজনে মহা সুখে থাকিল। এনেতে পিক গােবিন্দগিৰিৰ মৃত্যু হ’ল। দুয়াে ভায়েক-ককায়েকে লগ লাগি কোনােমতে পিতাকৰ শ্ৰাদ্ধাদি সম্পন্ন কৰিলে।
দামােদৰৰ সৈতে কিছুদিন থকাৰ পিছত মাধৱদেৱৰ মাক মনােমালৈ মনত পৰিল। মাধৱদেৱ পুনৰ ভাণ্ডাৰীডুবিলৈ গুচি আহি পিতাকৰ মৃত্যুৰ সংবাদ মাকক দিলে। স্বামীৰ মৃত্যুৰ সংবাদ পাই মাক মর্মাহত হ’ল। কিন্তু মাধৱদেৱে মাকক সান্ত্বনা দিলে।
পিছত মাধৱদেৱে আকৌ এবাৰ ককায়েকক লগ কৰাৰ বাবে বাণ্ডকালৈ গ’ল। ককায়েকে তেওঁক মজিন্দাৰী কামত লগালে যদিও মাধৱদেৱে সেই কাম নিয়াৰিকৈ কৰিবলৈ সমৰ্থ নহ’ল। তেওঁ পিতাকৰ সম্পত্তিৰ ভাগ নােলােৱাকৈ পুনৰ ভাণ্ডাৰীডুবিলৈ বুলি ৰাওনা হল। সেই সময়ত মাধৱদেৱ শাক্ত আছিল। পূজা-পাতাল আৰু বলি-বিধান দি আনন্দ পাইছিল। এবাৰ বাকাৰ পৰা আহি থাকোতে খবৰ পালে যে, তেওঁৰ মাক মনােৰমা বৰ টান নৰিয়াত পৰিছে। শাক্ত মাধৱদেৱে বাটতে দুর্গা গােসানীলৈ বুলি পঠা ছাগলী এটা দিবলৈ মানস কৰিলে, যাতে মাকে তৎক্ষণাত আৰােগ্য লাভ কৰে। ভবামতে কাম হ’ল। মাকে আৰােগ্য লাভ কৰিলে।
মনােবাঞ্ছা পূর্ণ হােৱাত ভাণ্ডাৰীডুবিত উপস্থিত হৈয়ে মাধৱদেৱে বৈনায়েক গয়াপাণিক পঠা ছাগলী যােগাৰ কৰি আনি দিবলৈ ধন দিলে। কিন্তু ৰামদাসে মাধৱদেৱক ছাগলী যােগাৰ কৰি দিবলৈ সন্মত নহ’ল। তাকে লৈ দুয়ােৰে মাজত তর্কযুদ্ধ চলি আছিল। ৰামদাসে শংকৰদেৱত শৰণ লৈ পূজা, বলি-বিধান আদিৰ যে কোনাে অর্থ নাই তাক আগতীয়াকৈ বুজি উঠিছিল। পিছত বৈনায়েকে মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিলে। শংকৰদেৱৰ ওচৰত গৈ তর্ক যুদ্ধৰ মীমাংসা কৰিবলৈ সিদ্ধান্ত ল’লে। পিছত ৰামদাসে মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ গ’ল।
শংকৰদেৱৰ সৈতে মাধৱদেৱৰ তর্কাতর্কি চলিল। আনকি মাধৱদেৱে শংকৰদেৱৰ সৈতে বহু সময় ধৰি সংস্কৃততেই তর্ক কৰিছিল। কিন্তু অৱশেষত মাধৱদেৱে হাৰ মানি শংকৰেসে শুদ্ধ মত’বুলি সেও মানিলে। লগে লগে শংকৰদেৱত শৰণ ল’লে।
মাধৱদেৱে পিছত সাংসাৰিক জীৱনৰ আশা ত্যাগ কৰি গুৰু সেৱাত নিমজ্জিত হ’ল আৰু ধর্মশাস্ত্র চর্চাত লাগিল। তেওঁ শংকৰদেৱৰ লগতেই কাল কটাবলৈ আৰম্ভ কৰিলে। এইদৰে তেওঁ চিৰকুমাৰ হৈ কটাইছিল। অৱশ্যে শংকৰদেৱৰ সৈতে যােগাযােগ হােৱাৰ পূর্বে মাধৱদেৱে নেঘেৰিটিঙৰ এজনী ছােৱালীক জোৰােণ পিন্ধাইছিল যদিও পিছত গহনা আদি ঘূৰাই আনে। আনকি শংকৰদেৱৰ কন্যা ৰুক্মিণীকো মাধৱদেৱলৈ বিয়া দিবলৈ চেষ্টা কৰিও ব্যর্থ হয়।
এনেদৰে প্রায় ১৮বছৰ কাল ধুৱাহাটত থাকি শংকৰ-মাধৱদেৱে নাম-ধর্ম প্রচাৰত ৰত থাকে যদিও এবাৰ আহােম ৰজাৰ ৰােষত | শংকৰদেৱৰ জোঁৱায়েকক ৰজাৰ আদেশত মূৰ কাটি পেলায়। মাধৱদেৱকো ধৰি নি পিছত এৰি দিয়ে। শংকৰদেৱক অৱশ্যে বিচাৰি নাপালে। পিছত শংকৰদেৱে সেই ৰাজ্য এৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।
শংকৰদেৱৰ মৃত্যুৰ আগমুহূর্তত মাধৱদেৱক তেওঁৰ উত্তৰাধিকাৰী ধর্মগুৰুপাতে। মাধৱদেৱক শংকৰদেৱে ইমান মৰম কৰিছিল যে নিজৰ পুত্ৰ ৰমানন্দকে আনকি মাধৱদেৱকহে গুৰু মানিবলৈ পৰামর্শ দিছিল। সুন্দৰীদিয়াত সত্ৰ পাতি মাধৱদেৱে বহুলােকক শৰণ দিয়ে। বৰপেটাতে মাধৱদেৱে সত্র পাতে। মহাপুৰুষ মাধৱদেৱে ১৫১৮ শকৰ (১৫৯৬ খৃঃত) ভাদ মাহৰ কৃষ্ণ-পঞ্চমী তিথিত কোচবিহাৰত ইহলীলা সম্বৰণ কৰে বুলি জনা যায়।
মাধৱদেৱে অসমীয়া ভাষা-সাহিত্যৰ বিকাশতাে অমূল্য বৰঙণি আগবঢ়াই গৈছে। মাধৱদেৱে ৰচনা কৰা নাম-ঘােষা অসমীয়া সাহিত্যৰ কীর্তিস্তম্ভ স্বৰূপ। ৰত্নাৱলী এখেতৰ আন এখন মূল্যবান ধর্মপুথি।
নাম-ঘােষাখন মাধৱদেৱৰ সর্বশ্রেষ্ঠ গ্রন্থ। মাধৱদেৱৰ নাম-ঘােষাখন এহেজাৰ শ্লোক থকা বাবে ইয়াকহেজাৰী ঘােষাবুলিও কোৱা হয়। নাম ঘােষ’খন মাধৱদেৱৰ শেষ বয়সত ৰচনা কৰা ।
নাম কলিকা, চোৰধৰা, জন্ম ৰহস্য, পিম্পৰা গুচোৱা, ভােজন বিহাৰ, অর্জুন ভঞ্জন, আদিকাণ্ড ৰামায়ণ, ভূমি গােটোৱা আদি মাধৱদেৱৰ আন কেইখনমান মূল্যবান গ্রন্থ।
মাধৱদেৱে প্রায় ন কুৰি বৰগীত ৰচনা কৰিছিল। মাধৱদেৱৰ বৰগীতবােৰত বিশেষকৈ শ্ৰীকৃষ্ণৰ বাল্য লীলাৰ মনােৰম বর্ণনা আছে। যশােদাৰ মুখেদি মাধৱদেৱে পুৱাৰ গীত গােৱাইছে। বৃন্দাবনত গােপবালকসকলৰ সৈতে লীলা কৰা বর্ণনাত মাধৱদেৱৰ গীতত পােৱা যায়।
মাধৱদেৱ আছিল এজন সু-নাট্যকাৰ। তেওঁ নিজে নাট লিখিছিল আৰু নাট পৰিচালনাও কৰিছিল। কথা গুৰুচৰিত মতে ভক্তসকলৰ অনুৰােধত গােৱৰ্দ্ধন যাত্রা আৰু ৰাসযাত্রা নাট দুখন মাধৱদেৱে নিজে পৰিচালনা কৰি ভক্তসকলক আমােদ দিছিল। আনকি বিষ্ণু আতাৰ অনুৰােধত মাধৱদেৱে নৰসিংহ যাত্রা নাটত নৰসিংহৰ ভাওত নিজেই অভিনয় কৰিছিল।
মহাপুৰুষ মাধৱদেৱৰ ৰচনা সম্ভাৰ আখ্যানমূলক আৰু তত্ত্বমূলক ৰচনা। মাধৱদেৱৰ আখ্যানমূলক ৰচনা সম্ভাৰৰ ভিতৰত ৰামায়ণ আদিকাণ্ড’ উল্লেখযােগ্য। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰে যদিও তেওঁৰ ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ড নাছিল। শ্ৰীমন্ত শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড ৰচনা কৰি বাল্মীকি ৰামায়ণখনি সম্পূর্ণ কৰি তুলিছিল। মাধৱদেৱে কন্দলীৰ ৰামায়ণত ভনিতাও সংযােগ কৰে। আনহাতে ভাগৱত দশম স্কন্ধৰ আধাৰত ৰচিত ৰাজসূয়’ মাধৱদেৱৰ একমাত্র কাব্যগ্রন্থ। আকৌ ‘ভক্তি ৰত্নাৱলীৰ মূল গ্রন্থকাৰ বিষ্ণুপুৰী সন্যাসীৰ উক্ত ধর্ম গ্রন্থখন মাধৱদেৱে সুন্দৰীদিয়াত থাকোতে অসমীয়াত ভাঙণি কৰে।
ইফালে মাধৱদেৱে ৰচনা কৰা ৬ খন নাটৰ পাঁচখনহে পােৱা গৈছে। কথা গুৰুচৰিত মতে মাধৱদেৱে ৰাসযাত্ৰা আৰু গােৱৰ্ধন যাত্রা নামৰ নাট দুখন ৰচনা কৰিছিল। ৰাসযাত্ৰাখন দীঘল হােৱাৰ ফলত নষ্ট কৰি পেলােৱা বুলি জনা যায়। তদুপৰি ব্ৰহ্মমােহন’, ‘ভূষণ হৰণ’, ‘ৰাস ঝুমুৰা আৰু ‘কেটোৰ খেলা’ নামৰ আন চাৰিখন নাট মাধৱদেৱৰ নামত আন কোনােৱে ৰচনা কৰা বুলি জনা যায়। অর্জুনভঞ্জন’ মাধৱদেৱৰ প্ৰথম ৰচনা বুলি জনা যায়।
শংকৰদেৱৰ দৰে মাধৱদেৱৰ বিষয়েও কথা গুৰুচৰিতত কিছুমান অলৌকিক অথচ গুৰুজনাৰ মহিমাৰ কথা প্রকাশ কৰা বহুতাে কাহিনী পােৱা যায়। মাধৱদেৱৰ জন্মৰ পৰা মৃত্যুলৈকে ৰজিতা খুৱাই বিভিন্ন এনে কাহিনী ‘গুৰুচৰিত’ত সন্নিৱিষ্ট কৰা হৈছে। অৱশ্যে এই কাহিনীবােৰৰ স্থান, কালৰ লগত প্রকৃত ঘটনা প্রবাহৰ কেতিয়াবা বিসংগতিও দেখা যায়।
‘গুৰুচৰিত’ মতে মাধৱদেৱে মনােৰমাৰ গৰ্ভত জন্মগ্রহণ কৰাৰ এমাহৰ ভিতৰতেই অস্বাভাৱিকভাৱে ডাঙৰ হয়। প্রায় এবছৰীয়া ল’ৰাটো যেন হয়। এমাহতে ভৈলা এক বৎসৰীয়া যেন।
মাধৱদেৱ সৰু কালত খেলা-ধুলাতে বৰ পাকৈত আছিল। তেওঁৰ চেহেৰাও সুন্দৰ আছিল। এদিনৰ কথা। হৰিশিঙা বৰাই ঘৰৰ খৰিৰ মেজি এটা খহি পৰা শব্দ শুনিলে। বৰাই শব্দ শুনি চিঞৰিবলৈ ধৰিলে। কিয়নাে মাধৱদেৱে খৰিৰ মেজিটোৰ কাষতে খেলি আছিল। কিন্তু হৰিশিঙা বৰা আহি দেখে যে পৰি থকা মেজিটোৰ ওপৰত মাধৱদেৱে হাঁহি হাঁহি বহি আছে। তাৰ কেইদিন পাছত হৰিশিঙা বৰাৰ ঘৈণীয়েকে দেখিলে যে তেওঁ ধান বঢ়োৱা জ্বলি থকা আখাটোৰ ওপৰত মাধৱদেৱ বহি আছে। মাধৱদেৱৰ অলৌকিকতা দেখি সকলােৱে বিস্ময় মানিলে।
আন এক ঘটনা। এবাৰ হৰিশিঙা বৰাৰ বৰ জ্বৰ। প্রায় দুসপ্তাহ ধৰি জ্বৰ এৰা নাই। একোকে খাব পৰা নাই। পৰিয়ালৰ সকলাে চিন্তিত। কথাটো গম পাই মাধৱদেৱ আহি হৰিশিঙা বৰাৰ মূৰত হাত বুলাই দিলে। কি আচৰিত। লগে লগে হৰিশিঙাৰ জ্বৰ নাইকিয়া হ’ল। পিছত যেনিবা হৰিশিঙাই তামােল শৰাই আৰু খুনীয়া কাপােৰ লৈ মাধৱৰ ভৰিত দীঘল দি পৰিব লগা হ’ল।
চৰিত পুথিত উল্লেখ কৰা মাধৱদেৱৰ আচৰিত শক্তিৰ আন এটা কাহিনী হ’ল এনেধৰণৰ ঃ মাধৱদেৱৰ তেতিয়া বাৰ বছৰ বয়স। এদিন হৰিশিঙাৰ সৈতে মাধৱদেৱ নৈত গা ধ্বলৈ গৈছিল। হৰিশিঙাই মাধৱক পানীত বুৰ নামাৰিবলৈ কৈছিল কিন্তু হৰিশিঙা বৰাৰ হকা বাধা নুশুনি মাধৱদেৱে পানীত বুৰ মাৰিলে। মাধৱদেৱে বহু সময় ধৰি পানীৰ পৰা ওলাই নহাত বৰাৰ চিন্তা লাগিল। হৰিশিঙায়াে পানীত বুৰ মাৰি মাধৱক বিচাৰিলে। হৰিশিঙাই পানীৰ তলত মাধৱক দেখা পালে কিন্তু কোনখিনিত আছে থিৰাং কৰিব নােৱাৰিলে। কিন্তু আচৰিত কথা হ’ল হৰিশিঙাই পানীৰ পৰা উঠি আহি দেখে যে মাধৱদেৱ নদীৰ পাৰত বহি আছে।
আন এটা ঘটনা। মাধৱদেৱে বৰপেটা সত্ৰত থাকোতে সদায় নাম-কীর্তন চলিছিল। আচৰিত কথা, এই নাম-প্রসংগ চলি থকা সময়তে সাপ এটা আহিনামঘৰৰ এচুকত ৰৈ নাম-কীর্তন শুনি থাকে। আৰু নাম কীর্তন শেষ হােৱাৰ লগে লগে সাপটো গুচি যায়। এদিন দুজন ভকতে নামকীর্তনলৈ বুলি আহি থাকোতে সাপটোও তেওঁলােকৰ পিছে পিছে আহি থকা দেখা পালে। সাপডালে তেওঁলােকক খুঁটিব বুলি সন্দেহ কৰি চপৰা দলিয়াই সাপটো মাৰি পেলালে। ফলত সেইদিনা নামকীৰ্তনৰ সময়ত সাপটো নেদেখি গুৰুৱে ইয়াৰ কাৰণ সােধাত ভক্তদ্বয়ে জনালে যে আহােতে বাটতে তেওঁলােকে সাপটো মাৰি থৈ আহিছে। কথাটো শুনি মাধৱদেৱৰ মনত বৰ দুখ লাগিল। তেওঁ মৰা সাপটোক তেওঁৰ ওচৰলৈ আনিবলৈ ক’লে। সাপটো তেওঁৰ ওচৰলৈ লৈ অহাত তেওঁ কাপােৰ, নির্মালি দি সাপটো পুতি থােৱালে। ইয়াৰ পৰাই মাধৱদেৱ যে ইতৰ প্ৰাণীৰ প্রতিও দয়ালু আছিল তাৰ উমান পােৱা যায়। মাধৱদেৱৰ উপস্থিত বুদ্ধি বৰ প্ৰখৰ আছিল। স্বামী-স্ত্রীৰ মাজত জেঙ, খৰিয়াল লাগিলেও তেওঁ তাৰ নিষ্পত্তি কৰি দিয়াত সিদ্ধহস্ত আছিল। আনহেনালাগে মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ পত্নীৰ মাজত লগা খৰিয়ালাে মাধৱদেৱেই নিষ্পত্তি কৰিব লগা হৈছিল। এদিনৰ কথা। গুৰু আৰু গুৰুপত্নীৰ মাজত জেঙা লাগিল। শংকৰদেৱৰ দাসী চন্দৰীয়ে ধান সিজাই চোতালত মেলি দিছিল। পিছত ঘৰৰ বলদটোৱে আহি মেলি দিয়া ধানবােৰ খাবলৈ ধৰিলে। গুৰু পত্নীয়ে বলদটো খেদি দি খঙতে ‘চোৰৰ গৰু’ বুলি গালি-গালাজ পাৰিলে। সেই সময়ত শংকৰদেৱে মাধৱদেৱৰ সৈতে কিবা শাস্ত্ৰৰ কথা আলচ কৰি আছিল। পত্নীৰ গালি শংকৰদেৱৰ কাণত পৰি তেওঁ খঙত জ্বলি উঠিল। মাধৱদেৱে তেতিয়া কথাটোত হস্তক্ষেপ কৰিলে। মাধৱদেৱে হাতযােৰ কৰি ক’লে, “গুৰু, আইৰ কি দোষ ধৰিব পৰা নাই। আপুনি গােকুলৰ কথা পাহৰিলে নেকি, প্রভু?”—মাধৱদেৱৰ এনে যুক্তি শুনি শংকৰদেৱৰ খং আঁতৰিল। শংকৰদেৱে হাঁহি হাঁহি ক’লে, “বৰাৰ পুতেকক কথাৰে কোনেও জিকাব নােৱাৰে। এনেদৰে গুৰু-পত্নীৰ মাজত সময়ে সময়ে লগা কাজিয়াও মাধৱদেৱে হস্তক্ষেপ কৰিব লগা হৈছিল।
আন এটা কাহিনী। এবাৰ শংকৰদেৱৰ সেৱক ধ্বজাই ‘যােগধাৰী নামৰ এখন বিলৰ পাৰত সৰিয়হৰ খেতি কৰিছিল। সৰিয়হখিনি চপাবলৈ বহুত মানুহৰ প্রয়ােজন হ’ল। সময়মতে সৰিয়হখিনি চপাব নােৱাৰিলে নষ্ট হ’ব। শংকৰদেৱ বৰ চিন্তাত পৰিল। ইমান মানুহ ক’ৰ পৰা যােগাৰ কৰিব। শংকৰদেৱক চিন্তাত মগ্ন হৈ থকা দেখি মাধৱদেৱে ক’লে, “বাপ, একো চিন্তা নকৰিব। এই কামৰ দায়িত্ব মােক দিয়ক। মই সকলাে সমাধা কৰি দিম।” মাধৱদেৱৰ আশ্বাস পাই শংকৰদেৱৰ মনত শান্তি আহিল।
মাধৱদেৱে কিছুমাহ-প্ৰসাদ গােটাইল’লে।লগত ল’লে তামােল-পাণ। ধ্বজাৰে সৈতে মাধৱদেৱ যােগধাৰী বিলৰ পাৰত উপস্থিত হ’ল। মাধৱদেৱে ধ্বজাক কিছু কাঠখৰি যােগাৰ কৰি আনি একুৰা ডাঙৰকৈ জুই ধৰিবলৈ ক’লে। ধ্বজাই সেইমতে জুই ধৰিলে। জুই দপদপকৈ জ্বলি উঠিল। ওচৰতে মাছমৰীয়াসকলে বিলত মাছ মাৰি ঠাণ্ডাত কপি আছিল। জুই দেখি মাছমৰীয়াসকল জুই পুৱাবলৈ ঢাপলি মেলিলে। এই চেগতে মাধৱদেৱে মাছমৰীয়াসকলক মাহ-প্ৰসাদ আৰু তামােল-পাণ দি আতিথ্য কৰিলে। মাধৱদেৱৰ আতিথ্যত মাছমৰীয়াসকল বৰ সন্তুষ্ট হ’ল। যাবৰ সময়ত মাছমৰীয়াৰ জাকটোৱে মাধৱদেৱক সুধিলে, “আপােনাৰ আতিথ্যত আমি সন্তুষ্ট হৈছাে। আপােনাক আমি কিবা দিব লগা আছে নেকি?” তেতিয়া মাধৱদেৱে অতি বিনম্রভাৱে মাছমৰীয়াসকলক ক’লে, “আপােনালােকে ইচ্ছা কৰে যদি সৰিয়হখিনি তুলি দিব পাৰে। পিছত মাছমৰীয়াসকলে আনন্দ মনেৰে সৰিয়হখিনি তুলি দিলে। পিছত মাধৱদেৱৰ বুদ্ধিৰ কথা শংকৰদেৱে জানিব পাৰি মাধৱদেৱক প্রশংসা কৰিলে।
আন এদিনৰ কথা। খােৱা বস্তুৰ নাটনি হােৱাত শংকৰদেৱে মাধৱদেৱক খােৱা বস্তু যােগাৰ কৰি আনিবলৈ ক’লে। লগে লগে মাধৱদেৱে খােৱা বস্তু বিচাৰি ওচৰৰ গাঁও এখনত সােমাল। গাঁৱত দেখিলে যে এজনী বুঢ়ীয়ে কান্দি আছে। বুঢ়ীৰ একমাত্র পুত্ৰ ৰণলৈ গৈ ঘূৰি নহা বাবেই তেওঁ মনৰ দুখত কান্দি আছে। মাধৱে বুঢ়ীক সান্ত্বনা দিলে। পুতেক ঘূৰি আহিব। মাধৱদেৱে বাটতে পুতেকক লগ পাই অহা বুলি ক’লে। বুঢ়ীয়ে মাধৱদেৱৰ কথাত বিশ্বাস কৰিব নােৱাৰি ল’ৰাজন দেখিবলৈ কেনেকুৱা জনাবলৈ কলে। মাধৱদেৱে তেতিয়া কৈ গ’ল, “নাকটো চেপেটা,বৰণ ক’লা, মূৰটো হেঁচা মৰা, দাঁত উজলা, বয়স তাৰ পঁচিশ বছৰমান হ’ব।” বুঢ়ী আচৰিত৷ পুতেকৰ লগত বিৱৰণ মিলি গৈছে। এনেতে বুঢ়ীৰ পুতেক আহি ঘৰ পালে। বুঢ়ীয়ে আনন্দত আত্মহাৰা হৈ মাধৱদেৱক সেৱা জনাই বহুতাে চাউল বস্তু দি বিদায় দিলে। মাধৱদেৱে ভাৰ বান্ধি বস্তুবােৰ আনি শংকৰদেৱৰ ওচৰত থ’লে। মাধৱদেৱে কেনেকৈ বস্তুখিনি সংগ্রহ কৰিলে সকলােখিনি শংকৰদেৱক বিৱৰি কলে। মাধৱদেৱে বস্তুবােৰ মিছাৰ আশ্ৰয় লৈ অনা বুলি শংকৰদেৱে মাধৱদেৱক জগৰীয়া কৰিলে। কিন্তু মাধৱদেৱে অখণ্ড যুক্তি দর্শাই গুৰুক পতিয়ন নিয়ালে। মাধৱদেৱৰ যুক্তিত গুৰুজনা অভিভূত হ’ল। এনেদৰে মাধৱদেৱৰ বিভিন্ন মহিমা মণ্ডিতৰ কথা গুৰুচৰিতত পােৱা যায়।
এইগৰাকী মহান পুৰুষ আজি আমাৰ মাজত নাই যদিও এওঁ অসমীয়া জাতি তথা সাহিত্য-সংস্কৃতিৰ জগতলৈ আগবঢ়াই যােৱা অমূল্য বৰঙণিৰ বাবে অসমীয়াৰ মাজত সদায় অমৰ হৈ থাকিব।