গুৱাহাটী: নুনমাটিত মহিলাৰ আত্মহত্যা

0 min read

 গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বিষ্ণু ৰাভা নগৰ অঞ্চলত শুকুৰবাৰে এগৰাকী মহিলাই ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহননৰ পথ বাছি লোৱা মহিলাগৰাকী সৰস্বতী দেৱী (৪৮) বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ পৰা জানিব পৰা মতে বিষ্ণু ৰাভা নগৰৰ বৰা উপাধিৰ এজন লোকৰ ঘৰত দীৰ্ঘদিন ধৰি পৰিয়ালসহ ভাড়াতীয় হিচাপে আছিল মহিলাগৰাকী। আজি পুৱাৰ ভাগত পৰিয়ালৰ লোকে মহিলাগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ কথা জানিব পাৰি নুনমাটি আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কাৰণতে এই পন্থা বাছি লোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

You May Also Like

More From Author