সমষ্টিৰ সীমা পুনঃ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰতিবাদ গোলাঘাট জিলাৰ দুই আত্মসহায়ক গোটৰ মহিলাৰ। গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰবন্ধা আৰু আঠগাঁও পঞ্চায়তক সমষ্টিৰ সীমা পুনঃ নিৰ্দ্ধাৰণৰ খচৰাত গোলাঘাটৰ পৰা নিলগাই আনি দেৰগাও বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাত শুকুৰবাৰে উক্ত পঞ্চায়ত দুখনৰ আত্মসহায়ক গোটৰ মহিলাসকল জাঙুৰ খাই উঠে।
আত্মসহায়ক গোটৰ নেত্ৰীদ্বয় নমিতা হাজৰিকা আৰু বৰ্ণালী গগৈ বৰাৰ নেতৃত্বত প্ৰতিবাদকাৰী মহিলাসকলে “এই সিদ্ধান্ত বাতিল কৰক”, “দেৰগাঁও আমাক নেলাগে”,”আমাৰ সমষ্টি গোলাঘাট” আদি শ্লগানেৰে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
সংবাদ মাধ্যমৰ আগত মহিলাসকলে কয় যে, “এয়া এক হঠকাৰী প্ৰস্তাৱ। এই প্ৰস্তাৱ আমি কোনো পধ্যেই মানি নলওঁ। আমি দেৰগাঁৱত নহয়,গোলাঘাটতে থাকিম”,বুলি সজোৰে দাবী উত্থাপন কৰে।
ইয়ৰোপৰি উক্ত বিষয়টো গুৰুত্ব সহকাৰে পুনৰ বিবেচনা কৰিবলৈ নিৰ্বাচনী আয়োগলৈ অনুৰোধ জনাই গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে এক স্মাাৰক পত্ৰ প্ৰেৰণ কৰে।