শিৱসাগৰৰ দিচাংমুখত নিৰ্মাণ সম্পুৰ্ণহোৱা কোটিটকীয়া দলঙত পুণৰ ফাঁট…

1 min read

যোগাযোগৰ ক্ষেত্ৰত সদায়েই এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্ণীতি পৰায়ণ ঠিকাদাৰে বিশ্বাসযোগ্য নিৰ্মাণৰ পৰিৱৰ্তে য’তে ত’তে মৰণ ফাণ্ড সদৃৰ্শ নিৰ্মাণহে চলাই আহিছে ৷বিশেষকৈ একাংশ অপৰিপক্ক ঠিকাদাৰ আৰু একাংশ বিষয়া অভিযন্ত্ৰাৰ অধিক হাৰৰ কমিচন সংগ্ৰহৰ কৰুণ পৰিণতিৰ কূফল ৰাইজে ভোগ কৰিব লগীয়া হৈছে ৷দিখৌ নদীৰ ওপৰত কোঁৱৰপুৰ মৌজাৰ হাৰমতী গড় অঞ্চলত নিৰ্মাণ সম্পুৰ্ণ কৰা এখন কোটিটকীয়া দলঙ আৰু এটা সপ্তাহৰ পুৰ্বে বেতবাৰীত নিৰ্মাণ সম্পুৰ্ণ হোৱা বি এড কলেজত উদ্বোধনৰ পুৰ্বেই ফাঁট মেলা,বখলা বখলকৈ নতুন নিৰ্মাণ এৰাই যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ দিচাংমুখ অঞ্চলত নিৰ্মাণ সম্পুৰ্ণ কৰা এখন পকী দলঙৰ গাৰ্ড ৱালত ফাঁট আৰু কংক্ৰিটৰ ঢ়ালাই বখলা বখলকৈ এৰুৱাৰ ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷নিৰ্মাণ সম্পুৰ্ণ কৰি আনুস্থানিক উন্মোচনৰ বাবে বাট চাই থকা অৱস্থাতেই এনেদৰে কোটি টকাতকৈও অধিক ধন ব্যয়ৰে নিৰ্মাণ কৰা দলংখনৰ শেহতীয়া অৱস্থাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ইতিমধ্যে স্থানীয় ৰাইজে দলংখনৰ শেহতীয়া অৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তদন্তৰ দাবী উত্থাপন কৰিছে ৷জানিব পৰা মতে ঐতিহাসিক দিচাংমুখৰ লিগিৰিবাৰী, বাহিৰ লিগিৰীবাৰী, অফল,মাজৰবাৰীকে ধৰি এক বৃহত নদীপৰীয়া অঞ্চলৰ ৰাইজৰ দিচাংমুখ অঞ্চলৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত নিৰ্মিয়মান দলংখন আছিল বহু আশা ভৰষাৰ থলী ৷কেইবাখনো প্ৰাথমিক, মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবেও যোগাযোগৰ ক্ষেত্ৰত বিশেষ সুবিধাৰ্থে নিৰ্মাণ কৰা দলংখনৰ বাবে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে আৱন্টন দিছিল এক কোটিতকৈও অধিক টকা ৷লোক নিৰ্মাণ বিভাগৰ প্ৰথম শ্ৰেণীৰ চামচুদ্দিন আহমেদে এই দলংখন নিৰ্মাণৰ সময়ত ব্যাপক অনিয়মেৰে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷যাৰ পৰিপ্ৰেক্ষিত্বত ইতিমধ্যে নিৰ্মাণ প্ৰায় ছমাহৰ পুৰ্বে সম্পুৰ্ণ কৰা দলংখনৰ দুয়োফালৰ গাৰ্ড ৱালত ফাঁট মেলা পৰিলক্ষিত হোৱাৰ লগতে দলংখনৰ ওপৰৰ শ্লেবৰ বৃহত অংশৰ কংক্ৰিটৰ ঢ়ালাই সম্পুৰ্ণৰূপে বখলা বখলকৈ এৰাই যোৱা পৰিলক্ষিত হৈছে ৷ইয়াৰোপৰি দলংখনৰ বহু স্থানত ঢ়ালাই ভাঙি ৰড সলনিৰ বাবেও শ্ৰমিক ব্যস্ত থকাৰ ঘটনাই স্থানীয় ৰাইজক সন্দিহান কৰি তুলাৰ লগতে দলংখনৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতিও গভীৰ সংশয়তাৰ সৃষ্টি কৰিছে ৷সচেতন ৰাইজে এই ক্ষেত্ৰত শীঘ্ৰে এক তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে কাৰিকৰী বিশেষজ্ঞ্যৰ দ্বাৰা পুংখানুপুংখ পৰীক্ষাৰ দাবী জনাইছে ৷

You May Also Like

More From Author