এছ এছ বিৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট” দিৱস পালন

1 min read

গোসাইগাঁও ২ জুনঃ আন্তঃ ৰাষ্ট্ৰীয় মিলেট দিৱসৰ লগত সংগতি ৰাখি আজি গোসাইগাঁৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট’ দিৱস পালন কৰা হয় ৷ গোসাইগাঁও মহকুমাৰ তেলিপাৰাৰ মাটিয়াজুৰিস্থিত এছ এছ বিৰ মুখ্য ছাউনীত সংদীক্ষা পৰিয়ালৰ সহযোগত আয়োজিত অনুষ্ঠানত মিলেটৰ পৰা তৈৰি কৰা বিভিন্ন ধৰনৰ খাদ্য মেলাৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত এছ এছ বিৰ কমান্ডাৰ চিৰঞ্জীৱ ভট্টাচাৰ্য,কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী সুনীল কুমাৰ পাল,কে ভি কেৰ বিষয় বস্তু বিশেষজ্ঞা পৰ্ণা শৰ্মাই মিলেটৰ উপকাৰিতা সন্দৰ্ভত বিস্তাৰিত ভাবে ব্যাখ্যা কৰে ৷

You May Also Like

More From Author