গোসাঁইগাঁৱত মিলেট জাতীয় খাদ্যৰ গুণগত মান সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা

1 min read

 

আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ ২০২৩ উদযাপনৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত ৮ আৰু ৯ জুনত দুদিনীয়া কাৰ্য্যসূচীৰে মিলেট জাতীয় খাদ্যৰ গুণগত মান সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰা হয় ৷ এপাৰ্ট’ৰ ক্ষমতা প্ৰকল্পৰ উদ্যোগত তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) সহযোগত গোসাঁইগাঁও কমলনাথ ক্লাৱ কাম লাইব্ৰেৰীৰ সভাগৃহত অনুষ্ঠিত কৰ্মশালাত আজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উপ-সঞ্চালক কিশোৰ গুপ্তা, এপাৰ্টৰ জিলা উদ্যোগী বিকাশ সম্বনয়ক স্বৰিফ আহমেদ আৰু ললিত গোয়াৰী উপস্থিত থাকি মিলেটৰ গুণাগুণ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ গুৰুত্ব সম্পৰ্কে বক্তব্য দাঙি ধৰে । প্ৰায় দুকুৰি উদ্যমী উদ্যোগী আৰু কৃষকে অংশগ্ৰহণ কৰা কৰ্মশালাত সমল ব্যক্তি হিচাপে বলিত বৰুৱা আৰু মৃনালিনী ডেকা কলিতাই অংশ লয় ৷

You May Also Like

More From Author