নিজেই নিয়ন্ত্ৰণ কৰক ছাইনাছাইটিছ

1 min read

আজিকালি সৰুৱেই হওক বা ডাঙৰেই হওক প্ৰায়ভাগৰে মুখত ছাইনাছাইটিছ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ আমাৰ মুখমণ্ডলৰ ভিতৰত চাৰিযোৰ বায়ুকক্ষ বা ছাইনাছ থাকে৷ ছাইনাছবোৰৰ ভিতৰৰ পৰা পাতল মিউকাছ নিঃসৰণ হয়৷ এই মিউকাছ ক্ষুদ্ৰনলী বা ছিদ্ৰৰ জৰিয়তে নাকৰ ভিতৰলৈ ওলাই আহে আৰু ছাইনাছবোৰে নিজকে পৰিষ্কাৰ আৰু জীৱাণুমুক্ত কৰি নিজৰ কাম পৰিচালনা কৰে৷ কিন্তু, ছাইনাছৰ ভিতৰত থকা পাতল মিউকাছৰ আৱৰণত যেতিয়া প্ৰদাহ আৰম্ভ হয় তেতিয়া ইয়াক ছাইনাছাইটিছ হোৱা বুলি কোৱা হয়৷ এই সমস্যা মূলতঃ ঠাণ্ডা, চৰ্দি লগা আদিৰ লগতে ভাইৰাছ, বেক্টেৰিয়া বা ফাংগাছ সংক্ৰমণৰ জৰিয়তে হ’ব পাৰে৷ ছাইনাছাইটিছ সমস্যা যিকোনো সময়ত যিকোনো বয়সৰ মানুহৰ হ’ব পাৰে৷ পিছে কেতবোৰ উপায় আছে, যিবোৰৰ জৰিয়তে নিজেই ছাইনাছাইটিছ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–
– গাত ঠাণ্ডা নলগাব৷
– কুহুমীয়া পানী খোৱা কৰক, লগতে গৰম পানীৰে গা ধোৱাৰ অভ্যাস গঢ়ি তোলক৷
– পিয়াহ লাগিলেই ফ্ৰীজৰ পানী আৰু বৰফ বা আইছক্ৰীম খোৱাৰ অভ্যাস পৰিহাৰ কৰক৷
– ধূলি বা বালিময় পৰিৱেশত মাস্ক পৰিধান কৰক৷
– দিনত দুই-এবাৰ ষ্টিম ইনহেলেচন লওক বা গৰম পানীৰ ভাপ নাকেৰে টানি মুখেৰে উলিয়াই দিয়ক৷
– চৰ্দি-ঠাণ্ডা বা ফ্লুত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক৷

– বেছি গৰমত কাম নকৰিব বা একেৰাহে দীৰ্ঘসময় পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকক৷

– কোনো খাদ্য খালে যদি এলাৰ্জি হয়, তেন্তে সেই খাদ্য নাখাব৷
– ঘৰৰ মজিয়াত কাৰ্পেট ব্যৱহাৰ নকৰিব৷ মলিয়ন কাৰ্পেটৰ পৰা ওলোৱা ধূলিকণা নাক বা মুখত সোমালে ছাইনাছাইটিছত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থাকে৷ বিছনাৰ চাদৰ আৰু পৰ্দা নিতৌ পৰিষ্কাৰ কৰক৷
– ঘৰৰ চৌদিশ পৰিষ্কাৰ কৰি ৰাখক৷
– চৰ্দি, হাঁচি আৰু কাহৰ সৈতে কাণ বা মূৰ বিষালে লগে লগে নাক-কাণ আৰু ডিঙি বিশেষজ্ঞৰ পৰামৰ্শ লওক৷

যদি পাঁচ বা সাতদিনৰ ভিতৰত লক্ষণসমূহৰ উন্নতি নহয় বা একেৰাহে প্ৰচণ্ড জ্বৰ, চকু ফুলা বা ৰঙা হোৱা, মূৰৰ বিষ, বমি, সংজ্ঞা হেৰুওৱা অথবা যদি কান্ধত বিষ অনুভৱ কৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক৷

You May Also Like

More From Author