আজিকালি প্ৰায়ভাগেই কম-বেছি পৰিমাণে এচিডিটিৰ সমস্যাত ভোগে৷ ফলত এই সমস্যাৰ পৰা সকাহ পাবলৈ মুঠিয়ে মুঠিয়ে দৰব খাবলগীয়া হয়৷ কেতিয়াবা কেতিয়াবা দৰৱ খায়ো এচিডিটিৰ পৰা পৰিত্ৰাণ পাব পৰা নাযায়৷ সেয়ে কিবা এটা খোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়৷ কিন্তু এচিডিটিৰ পৰা সকাহ পোৱাৰ ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল এচিডিটিৰ পৰা সকাহ পোৱাৰ কেইটামান ঘৰুৱা উপায়–
(১) আদা: এচিডিটিৰ ক্ষেত্ৰত আদা অত্যন্ত উপকাৰী৷ এটুকুৰা আদা খালেএচিডিটিৰ যন্ত্ৰণা বহু পৰিমাণে কমি যায়৷ আদা উতলা পানীৰ সৈতে খালেও উপকাৰ পোৱা যায়৷ দিনে দুই বা তিনিবাৰ গৰম পানীৰ সৈতে আদাৰ ৰস মিহলাই খালে বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷
(২) কল: কল খায়ো এচিডিটিৰ সমস্যা আঁতৰাব পৰা যায়৷ কলত প্ৰাকৃতিক এণ্টাচিড থাকে৷ এই উপাদানে এচিড ৰিফ্লেক্সৰ বিৰুদ্ধে কাম কৰে৷ এচিডিটিৰ পৰা পৰিত্ৰাণ পোৱাৰ ই সহজ ঘৰুৱা উপায়৷ দৈনিক এটাকৈ কল খাব পাৰিলে এচিডিটিৰ পৰা নিৰাময় পাব পৰা যায়৷
(৩) আপেল চিডাৰ ভিনেগাৰ: একাপ পানীৰ সৈতে এক বা দুচামুচ আপেল চিডাৰ ভিনেগাৰ মিহলাই দিনে এবাৰ বা দুবাৰ খালে এচিডিটিৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়৷
(৪) ঠাণ্ডা গাখীৰ: গাখীৰে গেষ্টি˜ক এচিড স্থিতিশীল কৰাত সহায় কৰে৷ গাখীৰত কেলছিয়াম থাকে৷ কেলছিয়ামে পেটত এচিড তৈয়াৰ হোৱাত বাধাৰ সৃষ্টি কৰে৷ সেয়ে এচিডিটিৰ সমস্যা থাকিলে ঠাণ্ডা গাখীৰ খাওঁক৷
(৫) দালচিনি: দালচিনিক প্ৰাকৃতিক এণ্টাচিড বুলি কোৱা হয়৷ ই হজমত সহায় কৰে৷ একাপ পানীৰ সৈতে আধা চাহ চামুচ দালচিনিৰ গুৰি মিহলাই উতলাই লওক৷ ঠাণ্ডা হোৱাৰ পাছত সেই পানী খাওক৷ দেখিব আপোনাৰ এচিডিটিৰ সমস্যা নাইকিয়া হৈছে৷