মাইগ্ৰেনত আক্ৰান্ত হ’লে স্বাভাৱিক কামকাজত ব্যাঘাত জন্মে৷ ডায়েবেটিছ বা অন্য কোনো ৰোগত আক্ৰান্তসকল মাইগ্ৰেনৰো সমস্যাত ভুগিলে কেতিয়াবা গুৰুতৰভাৱে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে মাইগ্ৰেনৰ পৰা হাত সাৰিবলৈ খাদ্যাভাস, শৰীৰ চৰ্চা আদিৰ বিষয়ত বিশেষ সতৰ্ক হোৱা উচিত৷
⬛ খাদ্য তালিকাঃ মাইগ্ৰেনৰ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ বাবে দৈনন্দিনৰ খাদ্য তালিকাৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া উচিত৷ যিসকল মাইগ্ৰেনৰ দৰে সমস্যাত ভুগি থাকে তেওঁলোকে পৰাপক্ষত উপবাস কৰাৰ পৰা বিৰত থাকিব লাগে৷ উপবাসত থাকিলে মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে৷ ডিহাইড্ৰেছনো মাইগ্ৰেনত আক্ৰান্তসকলৰ বাবে ক্ষতিকাৰক৷ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী নাখালে এই সমস্যা বৃদ্ধি পাব পাৰে৷ সেয়েহে সুষম আহাৰৰ লগতে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰা উচিত৷
⬛ পৰ্যাপ্ত টোপনিঃ ব্যস্ততাপূৰ্ণ জীৱনত পৰ্যাপ্ত টোপনি স্বাস্থ্যৰ বাবে অতিকে প্ৰয়োজন৷ প্ৰতিদিনেই আঠঘণ্টা টোপনি স্বাস্থ্যৰ বাবে প্ৰয়োজন৷ মাইগ্ৰেনত আক্ৰান্তসকলৰ বাবে টোপনিত ব্যাঘাত হ’লে এই সমস্যা বৃদ্ধি পাব পাৰে৷
⬛ দুঃশ্চিন্তাৰ পৰা মুক্ত হওকঃ বিভিন্ন ধৰণৰ ঘৰুৱা তথা বৃত্তিগত কামৰ হেঁচাৰ ফলত মগজুত অত্যধিক চাপ পৰে৷ বিভিন্ন সমস্যাত পৰিলে স্বাভাৱিকতে মানুহৰ দুঃশ্চিন্তা বৃদ্ধি পায়৷ ইয়াৰ ফলত নিদ্ৰাহীনতাৰ লগতে অন্যান্য শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷ মাইগ্ৰেনত আক্ৰান্ত হোৱা সকলৰ বাবে দুঃশ্চিন্তাই বিপদ মাতি আনিব পাৰে৷ সেয়েহে কামৰ হেঁচাৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰাৰ লগতে অযথা দুঃশ্চিন্তাৰ পৰা মুক্ত হৈ থাকিব লাগে৷ মানসিক হেঁচাৰ পৰা মুক্ত হোৱাৰ বাবে গ্ৰন্থ অধ্যয়ন, খেলা-ধূলা তথা শৰীৰ চৰ্চা নিয়মীয়াকৈ কৰিব লাগে৷
⬛ চেনিৰে প্ৰস্তুত কৰা মিঠাই আদি কমকৈ খোৱা উচিতঃ শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি হ’লে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে শীতকালত চেনি অথবা চেনিৰে প্ৰস্তুত কৰা মিঠাই আদি বেছিকৈ খোৱা স্বাস্থ্যৰ বাবে ভাল নহয়৷
⬛ ভজা-পোৰা খাদ্য পৰিহাৰঃ সাধাৰণতে শীতাকালত হজম শক্তি হ্ৰাস পায়৷ সেয়েহে ভজা-পোৰাৰ খাদ্যৰ পৰিৱৰ্তে সতেজ শাক-পাচলি খাদ্য তালিকাত নিয়মীয়াকৈ ৰাখিব লাগে৷ জাংক ফুডৰ পৰিৱৰ্তে ফল-মূল খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷
⬛ দুগ্ধজাত খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাককঃ শীতকালত সাধাৰণতে শাৰীৰিক পৰিশ্ৰম হ্ৰাস পায়৷ যাৰ বাবে খাদ্য খোৱাৰ পাছত হজম হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়৷ এই সময়ছোৱাত দুগ্ধজাত খাদ্য কম পৰিমাণে গ্ৰহণ কৰিব লাগে৷ গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা যিকোনো খাদ্য খালে গেছজনিত সমস্যাত ভুগিব লাগে৷ সেয়েহে খাদ্য তালিকাত সহজে হজম হোৱা শাক-পাচলি বা অন্য আহাৰক প্ৰাধান্য দিব লাগে৷