যিসকল লোকৰ ঘৰৰ বাথৰূমত শ্বাৱাৰৰ সুবিধা আছে, তেওঁলোকে শ্বাৱাৰ ব্যৱহাৰ কৰাটো নিত্য-নৈমিত্তিক অভ্যাস৷ দীৰ্ঘদিন ধৰি শ্বাৱাৰ ব্যৱহাৰৰ পাছত কেতিয়াবা শ্বাৱাৰেৰে ভালদৰে পানী নোলোৱা হৈ পৰে৷ শ্বাৱাৰৰ জালখন কেইবাদিন পৰিষ্কাৰ নকৰাৰ ফলত শ্বাৱাৰৰ জালৰ ফুটাত পানীৰ গেদ অথবা আইৰণৰ আৱৰণ পৰি যায়৷ ফলত শ্বাৱাৰেৰে পানী ভালদৰে নসৰকা হয়৷ এনে হ’লে শ্বাৱাৰেৰে গা ধুয়ো সুখ পোৱা নাযায়৷ এনে সমস্যা হ’লে কি কৰা উচিত তাক লৈ অনেকে চিন্তান্বিত হয়৷ কিন্তু আপুনি জানিলে আচৰিত হ’ব যে অতি সহজ উপায়েৰে শ্বাৱাৰৰ জালৰ মলি বা আইৰণৰ আৱৰণ দূৰ কৰিব পাৰি৷
কিদৰে শ্বাৱাৰৰ জাল পৰিষ্কাৰ কৰিব পাৰি–
◾সামান্য নিমখ আৰু নেমু ৰসৰ মিশ্ৰণ লৈ পলিথিনৰ থোঙাৰে ঘঁহি দিলে শ্বাৱাৰৰ মলি বা আইৰণৰ গেড আঁতৰ হৈ যায়৷
◾নিমখ আৰু ভিনেগাৰ মিহলি মিশ্ৰণত নিশা শ্বাৱাৰৰ জালখন খুলি তিয়াই থৈ পুৱা ধুই দিলে জালখন পৰিষ্কাৰ হৈ পৰে আৰু শ্বাৱাৰেৰে ভালদৰে পানী পৰে৷
◾যদি দীৰ্ঘদিনে শ্বাৱাৰৰ জাল পৰিষ্কাৰ কৰা হোৱা নাই, তেতিয়া জালখনত আইৰণৰ ডাঠ তৰপ পৰে৷ তেনেক্ষেত্ৰত শ্বাৱাৰৰ জালখন বেকিং চোডা আৰু ভিনেগাৰৰ মিশ্ৰণত তিয়াই থ’ব লাগে৷পাছত পানীৰে ভালদৰে ঘঁহি দিলে নিশ্চিতভাৱে পৰিষ্কাৰ হ’ব শ্বাৱাৰৰ জালখন৷
◾যদিহে আপোনাৰ ঘৰত ভিনেগাৰ, বেকিং চোডা আদি নাথাকে তেতিয়াহ’লে অলপ টেঙেচি টেঙা শাকৰ সৈতে পানীত উতলাই দিলে পৰিষ্কাৰ হৈ পৰিব শ্বাৱাৰৰ জাল৷