ৰাতি শোৱাৰ পূৰ্বে এইবোৰ নকৰিব…

1 min read

ৰাতি শোৱাৰ পূৰ্বে কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে৷ কেইটামান নিয়ম মানি চলিলে টোপনি ভাল হোৱাৰ উপৰি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে৷ ৰাতি শোৱাৰ আগমুহূৰ্তত পানী সেৱন কৰিব নালাগে৷ ৰাতিৰ আহাৰ গ্ৰহণৰ আধাঘণ্টামানৰ পাছত পানী খাব লাগে৷ সেইদৰে পানী খোৱাৰ এঘণ্টামানৰ পাছতহে শোৱাৰ অভ্যাস কৰিব লাগে৷ শুবলৈ যোৱাৰ আগমুহূৰ্তত পানী খোৱাৰ অভ্যাস স্বাস্থ্যসন্মত নহয়৷ ই টোপনিতো ব্যাঘাত জন্মায়৷

(১) শোৱাৰ পূৰ্বে ব্যায়াম কৰিব নালাগেঃ শুবলৈ যোৱাৰ আগমুহূৰ্তত ব্যায়াম কৰা উচিত নহয়৷ পুৱা বা আবেলিহে শৰীৰ চৰ্চা কৰাৰ উপযুক্ত সময়৷ ব্যায়াম কৰিলেও শোৱাৰ তিনিঘণ্টাৰ পূৰ্বেহে কৰিব লাগে৷

(২) দিনত শোৱাৰ অভ্যাসঃ দিনত কিছুসময়ৰ বাবে জিৰণি ল’লেও বেছি সময় শোৱাৰ অভ্যাস কৰিলে ৰাতি টোপনিত ব্যাঘাত জন্মে৷ সেয়েহে দিনত নিৰ্দিষ্ট সময়ৰ বাবে জিৰণি ল’লেও ৰাতি টোপনিত যাতে ব্যাঘাত নজন্মে সেই বিষয়ত গুৰুত্ব দিব লাগে৷

(৩) বিছনাৰ ওচৰত ইলেক্ট্ৰনিক ডিভাইছ আদি ৰাখিব নালাগেঃ শুবলৈ যোৱাৰ সময়ত ইলেক্টªনিক ডিভাইছ অৰ্থাৎ মোবাইল ফোন, লেপটপ আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু বিছনাৰ কাষৰ পৰা এনে সামগ্ৰী আঁতৰাই ৰাখিব লাগে৷

(৪) বিছনাত শুই পঢ়াৰ অভ্যাস ত্যাগ কৰকঃ ৰাতি শুবলৈ যোৱাৰ সময়ত বহুতৰে বিছনাত শুই কিতাপ পঢ়াৰ অভ্যাস আছে৷ এনে অভ্যাসৰ ফলতো টোপনিৰ পৰিমাণ হ্ৰাস পায়৷ এনে অভ্যাসৰ ফলত নিদ্ৰাহীনতাৰ সমস্যাতো ভুগিব পাৰে৷ শুবলৈ যোৱাৰ পূৰ্বে বিছনাৰ পৰিৱৰ্তে চকীত বহিহে পঢ়াৰ অভ্যাস কৰিব লাগে৷

(৫) শোৱা কোঠাতো পৰিষ্কাৰ কৰি ৰাখকঃ শুবলৈ যোৱাৰ সময়ত বিছনাৰ লগতে কোঠাতো পৰিষ্কাৰ হৈ আছে নে নাই সেই বিষয়ত সতৰ্ক হ’ব লাগে৷ অপৰিষ্কাৰ পৰিৱেশত শুলে টোপনিত ব্যাঘাত জন্মে৷ ভাল টোপনিৰ বাবে কোঠাটোৰ লগতে বিছনাখনো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে৷

(৬) ৰাতিৰ আহাৰ সোনকালে খাওকঃ ব্যস্ততাৰ দোহাই দি ৰাতি পলমকৈ আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হয়৷ পৰাপক্ষত সন্ধ্যাৰ পাছতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে৷ তেনে কৰিলে টোপনিতো ব্যাঘাত নজন্মে৷ ৰাতি আহাৰ গ্ৰহণৰ কমেও এঘণ্টাৰ পাছতহে শুবলৈ যাব লাগে৷

(৭) ভৰি উমাল কৰি ৰাখকঃ বিশেষকৈ ঠাণ্ডা দিনত ভৰি দুখন উমাল কৰি নাৰাখিলে টোপনিত ব্যাঘাত জন্মে৷ ভাল টোপনিৰ বাবে ভৰি দুখন গৰম কৰি ৰখাটো প্ৰয়োজন৷

(৮) শোৱাৰ পূৰ্বে চাহ-কফি খোৱাৰ পৰা বিৰত থাককঃ শোৱাৰ আগমুহূৰ্তত কফি-চাহ খাব নালাগে৷ এনে কৰিলে টোপনিত ব্যাঘাত জন্মে৷ সুস্থ শৰীৰ আৰু মনৰ বাবে ভাল টোপনিৰ খুবেই প্ৰয়োজন৷ টোপনি ভাল নহ’লে কাম-কাজত বাধাৰ সৃষ্টি হোৱাৰ উপৰি স্বাস্থ্যৰো ক্ষতি হয়৷

You May Also Like

More From Author