স্মাৰ্টফোনৰ বেটাৰী ভালে ৰাখিবলৈ এই নিয়ম মানি চলক

1 min read
যিকোনো এটা স্মাৰ্টফোনৰ বেটাৰী এটা নিৰ্দিষ্ট সময়লৈকেহে সক্ৰিয়  হৈ থাকে৷ সাধাৰণতে ফোনৰ বেটাৰী দুইৰ পৰা তিনি বছৰ পৰ্যন্ত  সক্ৰিয় হৈ থাকে৷ ৩০০ৰ পৰা ৫০০ বাৰ চাৰ্জ কৰালৈকে এটা বেটাৰীৰ কাৰ্যক্ষমতা অটুট থাকে৷ ৫০০ বাৰ অতিক্ৰম কৰাৰ পাছত যিকোনো বেটাৰী এটাৰ কাৰ্যক্ষমতা প্ৰায় ২০ শতাংশ হ্ৰাস পায়৷
– ফোনৰ বেটাৰী ভালে ৰাখিবৰ বাবে ৪০১ পৰা ৬০ শতাংশৰ ভিতৰত চাৰ্জ থাকিব লাগে৷ একেদৰে ৮০ শতাংশতকৈ বেছি চাৰ্জ থাকিলেও বেটাৰী সোনকালে নিষ্ক্ৰিয় হ’ব পাৰে৷
– স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ ১০০ শতাংশ পৰ্যন্ত কৰিব নালাগে৷ একোটা লিথিয়াম– আয়ন বেটাৰী সম্পূৰ্ণৰূপে চাৰ্জ নকৰাই ভাল৷
– চাৰ্জাৰ প্ৰয়োগৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে৷ যিকোনো চাৰ্জাৰৰ জৰিয়তে বেটাৰী চাৰ্জ কৰিলে সেই বেটাৰীৰ কাৰ্যক্ষমতা সোনকালে হ্ৰাস পায়৷ সেইবাবে ফোনৰ লগতে পোৱা চাৰ্জাৰৰ জৰিয়তে বেটাৰী চাৰ্জ কৰা উচিত৷
– সঘনাই বেটাৰী চাৰ্জ দিয়াৰ অভ্যাস ত্যাগ কৰিব লাগে৷ ঘনাই ঘনাই বেটাৰী চাৰ্জ কৰিলে ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস পায়৷
– মোবাইল বেটাৰীৰ চাৰ্জ ২০ শতাংশৰ কম হ’লে সম্পূৰ্ণ ডিভাইছটোকে দুৰ্বল কৰে৷ ২০ শতাংশৰ তলত চাৰ্জ থাকিলে বিভিন্ন এপ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে৷
এইকেইটা নিয়ম মানি বেটাৰী চাৰ্জ কৰিলে বেটাৰীৰ কাৰ্যক্ষমতা ২১ পৰা ৩ বছৰ পৰ্যন্ত অটুট থাকে৷

You May Also Like

More From Author