ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এইধৰণৰ খাদ্য খাওক

1 min read

খাদ্যভাসৰ সৈতে সুস্বাস্থ্যৰ আছে প্ৰত্যক্ষ সম্পৰ্ক৷ সেয়েহে খাদ্য তালিকাত সকলোধৰণৰ ফলমূল-শাকপাচলি অন্তৰ্ভুক্ত কৰিব লাগে৷  এইধৰণৰ ফলমূল-শাকপাচলি খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷

⬛ গাজৰঃ নিয়মীয়াকৈ গাজৰ খালে ছালখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰাৰ উপৰি ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়৷ গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ পোৱা যায়৷ ভিটামিন ‘এ’ ছালৰ বাবে অতি উপকাৰী৷ তদুপৰি গাজৰত থাকে বিটাকেৰোটিন৷ এই উপাদানেও ছালখন মসৃণ কৰি ৰখাত সহায় কৰে৷

⬛ বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমাণে লাইক’পেন নামৰ এণ্টি অক্সিডেণ্ট থাকে৷ সেইবাবে নিয়মীয়াকৈ বিলাহী খালে ছাল সতেজ হৈ থাকে আৰু বলিৰেখা পৰাৰ পৰা ছালখনক মুক্ত কৰি ৰাখিব পাৰি৷

⬛ জলফাই তেলঃ জলফাই তেলে ছালৰ বিভিন্ন সমস্যা সমাধান কৰে৷ প্ৰতিদিনে নিশা শুবলৈ যোৱা ১৫ মিনিট পূৰ্বে জলফাই তেলেৰে শৰীৰটো মালিচ কৰিলে ছালখন মসৃণ হৈ পৰে৷

⬛  মিঠা আলুঃ মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ ভিটামিন চি ছালৰ বাবে অতি উপকাৰী৷ সেয়েহে নিয়মীয়াকৈ মিঠা আলু খালেও ছালখন মসৃণ, কোমল আৰু উজ্জ্বল হৈ থকাত  সহায় কৰে৷

⬛ গ্ৰীণ টিঃ গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ তদুপৰি পটাছিয়াম, ভিটামিন ‘বি’ আদি উপলব্ধ৷ সেইবাবে গ্ৰীণ টি নিয়মীয়াকৈ খালে ছালখন সতেজ আৰু উজ্জ্বল হৈ থকাত সহায় কৰে৷

⬛ ডাৰ্ক ছকলেটঃ ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ সেইবাবে ডাৰ্ক চকলেট খালেও ছালৰ উজ্জ্বলতা অটুট থাকে৷

⬛ মাছঃ মাছত প্ৰচুৰ পৰিমাণে ওমেগা-থ্ৰি ফেটি এচিদ থাকে৷ খাদ্য তালিকাত নিয়মীয়াকৈ মাছৰ ব্যঞ্জন ৰাখিলেও ছালৰ বাবে ই অতি উপকাৰী৷

⬛ হালধিঃ হালধিত প্ৰচুৰ পৰিমাণে ৰোগ প্ৰতিৰোধক উপাদান থাকে৷ তদুপৰি হালধিত থাকে প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট৷ কেঁচা হালধিৰ ৰস খোৱাৰ অভ্যাস কৰিলে ছালখন মসৃণ হৈ থকাত সহায়ক হয়৷

⬛ পালেং শাকঃ সকলো শাক-পাচলিয়ে বিভিন্ন পুষ্টিগুণৰ ভঁৰাল৷  ছালখন নিৰোগী কৰি ৰখাৰ বাবে পালেং শাক নিয়মীয়াকৈ খাওক৷

You May Also Like

More From Author